ভগৱানৰ ভক্তি কমিছে হিন্দুধৰ্মী লোকৰ
নাস্তিক হৈছে হিন্দু ধৰ্মী লোক
ঈশ্বৰ ভক্তি নোহোৱা হৈছে দেশৰ জনতাৰ
ধৰ্মভীৰু বুলিয়েই পৰিচিত দেশবাসীৰ মনত মুঠেই নোহোৱা হৈছে ভক্তি ভাব৷ নাস্তিকৰ সংখ্যা বৃদ্ধিৰ সত্যতা প্ৰতিপন্ন কৰিছে তিৰুমালা তিৰুপতি মন্দিৰৰ উপাৰ্জনে৷ দেশৰ সবাতোকৈ চহকী দেৱধামত ২০২৪ চনত কম পৰিমাণৰ অৰিহণা সংগৃহীত হোৱা বুলি সদৰী কৰিছে কৰ্তৃপক্ষই৷
তিৰুমালা তিৰুপতি দেৱস্থানম ব’ৰ্ডে পৰিচালনা কৰা মন্দিৰত ভগৱান ভেংকটেশ্বৰৰ উপাসনাৰ বাবে সদায়েই অজস্ৰ ভক্তৰ সমাগম সচৰাচৰৰ ঘটনা৷ পৱিত্ৰ ধামৰ প্ৰসাদ গ্ৰহণক সৌভাগ্য বুলিয়েই গণ্য কৰে ভক্তই৷
তদুপৰি তিৰুমালা মন্দিৰলৈ দান আগবঢ়াবলৈ পোৱাটোও সৌভাগ্য প্ৰতীক হিচাপে আস্তিক হিন্দুৱে গণ্য কৰে৷ পিছে ইমান বিশ্বাসৰ পিছতো এইবাৰ কমিছে মন্দিৰলৈ ভক্তই আগবঢ়োৱা প্ৰণামী অৰ্থাৎ অৰিহণাৰ পৰিমাণ৷ খবৰ অনুসৰি মন্দিৰৰ দানপাত্ৰত জমা হৈছে ১,৩৬৫ কোটি টকা মূল্যৰ সামগ্ৰী৷
কিন্তু ২০২৩ বৰ্ষত সেই দানপাত্ৰতে গোট খোৱা মুঠ অৰ্থমূল্য আছিল ১,৩৯১ কোটি টকা৷ অৰ্থাৎ এইবাৰ ভক্তই পূৰ্বৰ তুলনাত কম পৰিমাণে আগবঢ়াইছে প্ৰণামী৷ প্ৰসিদ্ধ তিৰুমালা মন্দিৰত দৰ্শনাৰ্থীয়ে সচৰাচৰ সোণ-ৰূপ বা ধনৰ লগতে বিদেশী মুদ্ৰা আৰু আন অমূল্য সামগ্ৰীও দান কৰে৷ বছৰৰ শেষত দানপাত্ৰৰ সংগৃহীত সামগ্ৰী পৃথক কৰি শ্ৰী বৰাহ স্বামী মন্দিৰৰ সমীপৰ পৰকামিনী অট্টালিকাত গণনা কৰা হয়৷
গতিকে এইবাৰো জৰীপৰ শেষত সংগৃহীত পৰিমাণ পূৰ্বৰ তুলনাত কম বুলি কৰ্তৃপক্ষই সদৰী কৰিছে৷ অৱশ্যে ভক্তৰ সংখ্যা কমা নাই মন্দিৰত৷ ২০২৪ চনত তিৰুমালা তিৰুপতি দেৱস্থানম দৰ্শন কৰিছে ২.৫৫ কোটি ভক্তই৷ ৯৯ লাখে মন্দিৰত কেশদান কৰিছে৷ প্ৰসাদৰ ৰূপত বিক্ৰী কৰা হৈছে ১২.১৪ কোটি লাড়ু৷ উপাৰ্জনৰ দৰে অৱশ্যে খৰচো কৰিছে দেৱস্থানম ব’ৰ্ডে৷
২০২৪ চনত কৰ্তৃপক্ষই মুঠ ৫,১৪১.৭৪ কোটি টকা খৰচ কৰিছে৷ ইয়াৰ ১.৭৭৩ কোটি টকাৰে মন্দিৰৰ কৰ্মচাৰীক দিয়া হৈছে দৰমহা৷ ৩৫০ কোটি টকা ব্যয় কৰি আন্ত:গাঁথনি উন্নত কৰা হৈছে৷ তথাপি মন্দিৰৰ বেংক একাউণ্টৰ লকাৰত বৰ্তমানো জমা আছে ১১,৩২৯ কিল’গ্ৰাম স্বৰ্ণ৷