আপুনি খাইছেনে বনবগৰী?

আহকচোন আকৌ কিছুদূৰ উভতি যাওঁ অতীত ৰোমন্থনৰ পিছত পাতিম এতিয়াৰ কথাবোৰ তৃতীয় শ্ৰেণীত পঢ়ি থাকোতে যেতিয়া ওচৰৰ LP স্কুলখনলৈ গৈছিল, তেতিয়া আপুনিও দেখোন কিনিছিল দুটকাৰ বনবগৰী সমনীয়াৰ সৈতে সেইখিনি খাই পাতিছিল শৈশৱৰ ৰঙীন কথাবোৰ কিন্তু নিমখ সনা সেই সৰু সৰু বনবগৰীবোৰ বজাৰৰ পৰা মাজতে অন্তৰ্ধান হৈছিল পিছে এইবাৰ আকৌ অসমৰ বজাৰ ভৰি পৰিছে বনবগৰীৰে অৱশ্যে এতিয়া পূৰ্বৰ দৰে নাপায় দুটকাৰ বনবগৰী ঠায়ে ঠায়ে কমেও ২০ টকাৰ টোপোলাহে বেচে বেপাৰীয়ে৷ কিন্তু বনবগৰীবোৰতো মঙহ কমিল পিছে বাঢ়িল দাম এতিয়া আপুনি শুনি সম্ভৱতঃ আচৰিত হ’ব- দুমাহৰ ভিতৰতে অসমলৈ ৰাজস্থানৰ আহিছে ডেৰ কোটি টকাৰ বনবগৰী বিশেষকৈ উজনি অসমলৈ কেবাকুইণ্টল বনবগৰী ৰে’লেৰে আনিছে মাৰোৱাৰী বেপাৰীয়ে 0পাইকাৰী ব্যৱসায়ীয়ে প্ৰতিকেজিত ৮০ৰ পৰা ১২০ টকাৰ ভিতৰত বনবগৰী বিক্ৰী কৰিছে ১ কুইণ্টল বনবগৰীৰ বজাৰ দৰ হৈছে ৮ৰ পৰা ১০ হাজাৰ টকাৰ ভিতৰত সেইবোৰ পইচা অসমৰ পৰা সমুদায় বাহিৰলৈ ওলাই গৈছে আমি অতীত ৰোমন্থন কৰিবলৈ সুযোগ ঠিকেই পাইছো কিন্তু বনবগৰীৰ বেপাৰ কৰি অসমীয়াৰ লাভ হোৱা নাই হৈছে মাৰোৱাৰীৰহে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial