টিকট নাপায় সভাপতিয়ে

গোৱালপাৰা জিলা বিজেপিৰ সভাপতি হোৱাৰ বাবে বহুতে ঠাট্টা কৰিছে দীপাংক নাথক আছুৰ ৰাজ্যিক সভাপতি হৈয়ো বিজেপিৰ জিলা সভাপতি হোৱাৰ বাবে উপহাসৰ সন্মুখীন হৈছে দীপাংক কিন্তু কংগ্ৰেছৰ নেতাই এই বিষয়ত দীপাংকক কটাক্ষ কৰাৰ নৈতিক অধিকাৰ নাই৷ কিয়নো কেইদিনমান আগলৈ শংকৰ প্ৰসাদ ৰায়ো আছিল বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি৷ আছুৰ পৰা অৱসৰ গ্ৰহণ কৰি যেতিয়া শংকৰ প্ৰসাদে কংগ্ৰেছত যোগ দিছিল, তেতিয়া তেওঁক দিয়া হৈছিল জিলা সভাপতিৰ দায়িত্ব৷ বঙাইগাঁও জিলাৰ সভাপতি হিচাপেই শংকৰ প্ৰসাদ বিধানসভা নিৰ্বাচনত অৱৰ্তীণ হৈছিল৷ দুবাৰ পৰাজিত হোৱা শংকৰ প্ৰসাদেই পৰিচালনা কৰিছিল জিলা কংগ্ৰেছ৷ কিন্তু এই বিষয়বাব যে দীপাংক নাথৰ বাবে ভালুকৰ সাঙী হৈ পৰিব সেয়া খাটাং শংকৰ প্ৰসাদ যেনেকৈ বঙাইগাঁও কংগ্ৰেছৰ সভাপতি হৈ ধ্বংস হ’ল, তেনেকৈ দীপাংকৰো কেৰিয়াৰ শেষ হোৱাটো অনিবাৰ্য কাৰণ ইতিপূৰ্বে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল বিজেপিৰ বিষয়ববীয়াসকলে নিৰ্বাচনৰ টিকটৰ বাবে লোভ কৰিব নালাগে৷ অৰ্থাৎ অহা নিৰ্বাচনত বিজেপিৰ দলীয় কৰ্মকৰ্তাই প্ৰাৰ্থিত্ব নাপায় তদানুসৰি দীপাংক নাথেও নাপায় বিজেপিৰ টিকট গতিকে সমুলঞ্চে ধ্বংস হ’ল আছু ফেক্টৰীৰ আন এটা প্ৰডাক্টৰ কেৰিয়াৰ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial