ৰাইজক দেখুৱাই কন্দা-কটা

ONGCৰ জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে শেহতীয়াকৈ অপব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈছিল ONGCৰ CSRৰ DGM দুৰ্গেশ ভাটিয়াই অপমান কৰা বুলি বিশেষ পক্ষই অভিযোগ তুলিছিল ইজী মানী বিচাৰি যোৱা বুলি বিশেষ পক্ষটোক অপমান কৰিছিল দুৰ্গেশ ভাটিয়াই তাৰ পিছতে সেই পক্ষটোৱে ৰাইজক দেখুৱাই কান্দি-কাটি হিয়ালি-জীয়ালি হ’ল কিন্তু আজিপৰ্যন্ত দুৰ্গেশ ভাটিয়াৰ বিৰুদ্ধে গোচৰ দাখিল কৰিবলৈ সেই বিশেষ পক্ষটোৰ সাহস নহ’ল আনক দেখুৱাই বিশেষ পক্ষটোৱে কন্দা-কটা কৰিলেও দুৰ্গেশ ভাটিয়াই যে শুদ্ধ কামেই কৰিছে সেয়া প্ৰতিপন্ন হ’ল৷ আমি লাভ কৰা খবৰ অনুসৰি দুৰ্গেশ ভাটিয়াই ONGCৰ CSRৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত চান্দা বাহিনীৰ উপদ্ৰৱ হ্ৰাস পাইছে পূৰ্বে ONGCক কেৱল চান্দা দিয়া প্ৰতিষ্ঠান বুলিয়েই ভবা সংগঠনৰ বেপাৰৰো মুদা মৰিছে সেয়ে এটা চক্ৰ খিলঞ্জীয়াৰ আৱেগেৰে ভাটিয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কিন্তু তেওঁৰ বিৰুদ্ধে গোচৰ তৰিবলৈও সাহস কৰিব পৰা নাই ধন বিচাৰি গৈ বিমুখ হোৱা লোকে সুন্দৰ পৰিচালনাৰে যোগ্যজনক ধন দিয়া বিষয়াৰ বিৰুদ্ধে কেৱল আনক দেখুৱাই ঘঁৰিয়ালৰ চকুপানীহে টুকিছে বিশেষ পক্ষই গতিকে প্ৰমাণিত হৈছে কোন শুদ্ধ, কোন ভুল?

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial