টীম ইণ্ডিয়াৰ অধিনায়কৰ কেৰিয়াৰৰ সমাপ্তি

অন্তিমবাৰলৈ সুযোগ বিচাৰি অনুৰোধ কৰিছিল ৰোহিত শৰ্মাই পিছে গৌতম গম্ভীৰে নামানিলে তেওঁৰ অনুৰোধ৷ পঞ্চম টেষ্টত খেলিবলৈ দিয়া নহ’ব বুলি স্পষ্টকৈ জনাই দিলে গম্ভীৰে৷ ভাৰতীয় ক্ৰিকেট দলত বোধহয় বিশ্ৰামতকৈ অভিশপ্ত শব্দ আৰু একো নাই ব্যস্ত সূচীৰ মাজতে কোনো খেলুৱৈক নিৰ্বাচকে জিৰণি দিয়াৰ অৰ্থই হৈছে শাস্তি চৰকাৰী কৰ্মচাৰীক যেনেকৈ কলীয়াপানীলৈ বদলি কৰি বিভাগে কষ্ট দিয়ে, তেনেকৈয়ে টীম ইণ্ডিয়াৰ নিৰ্বাচকে সদস্যক বিশ্ৰাম দিয়ে দুৰ্বল ফৰ্মৰ বাবে পূৰ্বে জিৰণি পাইছিল সৌৰভ গাংগুলীয়ে৷ বিশ্ৰামৰ নিৰ্দেশ দি আচলতে নিৰ্বাচকে বুজাই দিয়ে- দলক তোমাৰ প্ৰয়োজন নাই৷ কিন্তু গাংগুলীৰ পিছত এইবাৰ অনুৰূপ শাস্তিৰে সন্মুখীন হ’ল ৰোহিত শৰ্মা সৌসিদিনালৈ অনুৰাগীৰ মনত নায়ক হৈ থকা অধিনায়কক ছিডনী টেষ্টত যে খেলোৱা নহয় সেয়া আগতেই নিশ্চিত কৰি পেলাইছিল নিৰ্বাচকে ক্ৰিকেটৰ ভাষাত ৰোহিতক খেলখনৰ বাবে বেঞ্চড কৰা হ’ল৷ অৰ্থাৎ ৰিজাৰ্ভ বেঞ্চত বহুৱাই ৰাখিবলৈ সিদ্ধান্ত ল’লে ক্ৰমে বাঢ়ি যোৱা পেটৰ বাবে দৰ্শকে ধিক্কাৰ দিয়া ৰোহিতে অৱসৰ ল’ব সূত্ৰই সদৰী কৰিছিল৷ কিন্তু ভাৰতৰ বহু যুঁজৰ নায়ক হিচাপে স্বাভাৱিকতে তেওঁ আছিল সন্মানজনক সামৰণিৰ যোগ্য খেলুৱৈ পিছে নিৰ্বাচকে যি কঠোৰ সিদ্ধান্ত ল’লে, তালৈ চাই সম্ভৱত: ৰোহিতৰ কেৰিয়াৰৰ সুখৰ সামৰমি সম্ভৱ নহ’বগৈ এছ চি জিৰ পৰৱৰ্তী মেচখনৰ বাবে নেতৃত্বৰ বাঘজৰী তুলি দিয়া হৈছে যশপ্ৰীত বুমৰাহৰ হাতত৷ পৰিস্থিতিলৈ লক্ষ্য কৰিলে ক’ব পাৰি- ইতিমধ্যে ৰোহিতে খেলিলে কেৰিয়াৰৰ অন্তিমখন টেষ্ট অৰ্থাৎ তেওঁৰ কেৰিয়াৰৰ ইতিমধ্যে যৱনিকা পৰিল

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial