মনত আছেনে সেই মৰণকাতৰ আৰ্তনাদ
আঁতৰি দিয়ক ডাঙৰীয়া আহিছে- বজাই দিব
গহপুৰৰ মমিন আলিৰ ঘোঁৰা আখ্যানেৰে আৰম্ভ হৈছিল বছৰটো৷
বছৰৰ আৰম্ভণিতে ৰাজ্যত ভাইৰেল হৈ পৰিছিল গহপুৰীয়া মহিলাগৰাকীৰে সেই বিশেষ চিঞৰটো৷
অৱশ্যে ঘোঁৰা আখ্যান বেছিদিন মাৰ্কেটত নচলিল৷ ছ’চিয়েল মিডিয়াত তাৰ পিছতে ওলাল পানীৰ বটল ফুটা কৰি ৰীল বনোৱাৰ অধ্যায়৷
ডেকা-গাভৰু সকলোৱে ফুটা বটলৰ পানীত তিতি নৃত্য কৰিলে৷
কিন্তু সেইটো অধ্যায়ো বেছিদিন ফে’চবুকত নচলিল৷ তাৰ পিছত টেঁটুফলা চিঞৰ মাৰি আত্মপ্ৰকাশ কৰিলে শৃংখল চলিহাই৷
শিৱসাগৰৰ পৰা আৰম্ভ হোৱা অসমীয়াৰ নৱজাগৰণৰ শেষ পৰিণতি হ’লগৈ মিঞা খেদা আন্দোলন৷ উজনিৰ পৰা জাকে জাকে মিঞা পলাল৷
কিন্তু সেইটো অধ্যায়ৰ পৰিসমাপ্তি ঘটালে চুমি বৰাই৷ ট্ৰেডিং কেলেংকাৰিত ফচি চুমি আৰু বিশালে দখল কৰিলে ফে’চবুকৰ টাইমলাইন৷
বছৰৰ শেষলৈ চুমি-মিঞা মাছৰ চৰ্চাই চলি থাকিলে৷ এনেকৈয়ে বছৰটো শেষেই হ’ল৷