অকলশৰীয়া হৈ গ’ল আঙুৰলতা

এইবাৰ ৰাজনৈতিক জীৱনৰ অৱসানো ঘটিব পাৰে আঙুৰলতাৰ
বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকাৰ ৰাজনৈতিক কেৰিয়াৰ বৰ্তমান সংকটাপন্ন হৈ পৰিছে৷ নিঃসংগ জীৱন কটোৱা আঙুৰলতাই অহা নিৰ্বাচনত বিধায়িকা হোৱাৰ আশাও প্ৰায় নিৰ্বাপিত হৈছে৷
কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত ইতিমধ্যে বিলুপ্ত হৈছে আঙুৰলতাৰ পূৰ্বৰ সমষ্টি বটদ্ৰৱা৷ সেই সমষ্টিৰ পৰা বিশেষ সমীকৰণৰ জৰিয়তে আঙুৰলতা ডেকা পূৰ্বে বিজয়ী হৈছিল৷ কিন্তু যোৱা নিৰ্বাচনত হাৰিলেও আঙুৰলতাৰ গণভিত্তি মূলসুতিৰ অসমীয়াৰ মাজত বাহাল আছিল৷
পিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বটদ্ৰৱা বিলুপ্ত হৈ গ’ল৷ সেয়ে আঙুৰলতাই এইবাৰ মন মেলিছে নৱগঠিত নগাঁও-বটদ্ৰৱালৈ৷ এইটো সমষ্টি পুৰণি বটদ্ৰৱা আৰু নগাঁও সদৰৰ এছোৱা সামৰি গঠিত হৈছে৷
বিজেপিৰ শীৰ্ষ সূত্ৰই সদৰী কৰা অনুসৰি আঙুৰলতাই বিচাৰিছে নগাঁও-বটদ্ৰৱা সমষ্টি৷ কিন্তু নগাঁও সদৰৰ বিধায়ক হিচাপে স্বাভাৱিকভাৱে অগ্ৰাধিকাৰ লাভ কৰিব ৰূপক শৰ্মাই৷
তেওঁ বৰ্তমানৰ MLA হিচাপে অহা নিৰ্বাচনতো নগাঁও-বটদ্ৰৱা সমষ্টিৰ দাবীদাৰ হৈয়েই থাকিব৷ কিন্তু এইবাৰ সেইটো সমষ্টিলৈয়েই মন মেলিছে আঙুৰলতায়ো৷
পিছে মুখ্যমন্ত্ৰীয়ে ঘনিষ্ঠ-সপ্ৰতীভ বিধায়ক ৰূপক শৰ্মাক যে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত নকৰে সেয়া অৱধাৰিত৷ গতিকে ৰাজনৈতিক কেৰিয়াৰৰ প্ৰায় যৱনিকা পৰিছে আঙুৰলতাৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email