আমিহে খবৰ পোৱা নাই
ঘৰৰ ওচৰতে বৰফ পৰিছে
বেছি টকাও নালাগে৷ কম খৰচতে অসমৰ ৰাইজে উপভোগ কৰিব পাৰে বৰফৰ মাজত ভ্ৰমণৰ আনন্দ৷ বৰফৰ দেশ চোৱাৰ বাবে কাশ্মীৰ বা হিমাচললৈয়ো যোৱাৰ দৰকাৰ নাই৷
ইমান ধন-বিত খৰচ কৰাতকৈ অৰুণাচলৰ দিশে উজাই গ’লেই এতিয়া দেখিব বৰফৰ আচ্ছাদন৷ কাৰণ অসমত শীত বঢ়াৰ সময়ত মায়’ডিয়া আৰু আনিনিত বৰফ পৰিছে৷
শদিয়াৰ পৰা ধুবুৰীলৈ যিমানে ঠাণ্ডা বাঢ়িছে সিমানে উপভোগ্য হৈ পৰিছে মায়’ডিয়াৰ পৰিৱেশ৷ চৌদিশে মাথো শুভ্ৰ আচ্ছাদনৰ বাবে মায়’ডিয়া সপোনপুৰীৰ দৰে হৈ পৰিছে৷
একেদৰে আনিনিতো বাঢ়িছে শীত৷ অসমৰ সমীপৰে দুই এলেকাত শীত উপভোগৰ বাবে এতিয়াও আছে হাজাৰোধিক পৰ্যটক৷
আনিনিত পৰ্যটকৰ বাবে আছে কেম্পিঙৰ বন্দৱস্ত৷ ইচ্ছা কৰিলে তেওঁলোকে বৰফৰ মাজতে কটাব পাৰে সময়৷
মায়’ডিয়াৰ শীতেও মায়া সানিছে৷ হাজাৰ-বিজা পৰ্যটকৰ সমাগমেও উষ্ম কৰি তুলিব পৰা নাই মায়’ডিয়াৰ পৰিৱেশ৷
গতিকে শীতৰ আনন্দ উপভোগৰ বাবে কাশ্মীৰ যাত্ৰাৰ প্ৰয়োজন নাই৷ কম খৰচতে কৰক মায়’ডিয়া ভ্ৰমণ৷