বাজপেয়ী ভৱনে লিখিছে হিটলিষ্ট

ৰমেন ডেকা, ৰাজেন গোহাঁইৰ দৰে প্ৰথম প্ৰজন্মৰ বিজেপি নেতাক ইতিমধ্যে নিৰ্বাসন দিয়া হ’ল বিজয়া চক্ৰৱৰ্তীৰ দৰে অসমত বিজেপিৰ প্ৰতিষ্ঠা কৰাসকলকো কৌশলেৰে বনবাস দিলে বাজপেয়ী ভৱনে অহা বিধানসবা নিৰ্বাচনত বিজেপিৰ দ্বিতীয় প্ৰজন্মৰ নেতাসকলকো পৰ্যায়ক্ৰমে ছাটাই কৰা হ’ব বহুদিন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ হৈ নিঃস্বাৰ্থ সেৱা আগবঢ়াই সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰা কেবাজনো নেতাই ২০২৬ত টিকট নাপায় সেইসকলৰ ভিতৰত প্ৰথমটো নাম হৈছে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ৷ RSSৰ অনুগত বৰঠাকুৰৰ পৰিৱৰ্তে বিশ্বনাথত বিজেপিৰ টিকট পাব দিগন্ত ঘাটোৱাৰে৷ এইবাৰ জিকিলেও অহাবাৰলৈ ঘাটোৱাৰ বিহালীত উঠিব নোৱাৰে৷ বিহালী SC সমষ্টি হোৱাৰ বাবে তেওঁক দিয়া হ’ব বিশ্বনাথৰ টিকট৷ তদুপৰি নামনিৰ হাজো সমষ্টিও SCৰ বাবে সংৰক্ষণ কৰা হ’ল৷ সেয়ে সুমন হৰিপ্ৰিয়াৰো ৰাজনৈতিক যাত্ৰাৰ আধ্যা পৰিল৷ আঘতীয়াকৈ সমষ্টি সলনিৰ কুচকাৱাজ কৰি তেওঁ বিচাৰি আছে মধ্য গুৱাহাটী৷ কিন্তু টিকট কটা নেতাৰ হিটলিষ্টৰ অন্যতম নাম হৈছে সিদ্ধাৰ্থ ভট্টাচাৰ্য৷ তেওঁৰ পূব গুৱাহাটীও ইতিমধ্যে বিলুপ্ত কৰা হৈছে৷ গতিকে ভট্টাচাৰ্যয়ো বিচাৰিছে মধ্য গুৱাহাটী৷ কিন্তু সুমন হৰিপ্ৰিয়া আৰু সিদ্ধাৰ্ত ভট্টাচাৰ্যৰ এজনেও মধ্য গুৱাহাটীৰ প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনা নাই৷ তেওঁলোক ২০২৬ত যে নামকটা চিপাহী হ’ব সেয়া খাটাং

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial