পুলিচে ফাইন বিহিছে, চলাইছে সজাগতা অভিযান৷ তথাপি সলনি হোৱা নাই অসমৰ বেছিভাগ লোকৰে স্বভাৱ৷ ফ’ৰলেনতো আগৰ দৰেই ওলোটাকৈ যাত্ৰা কৰা বদ অভ্যাস বহুতেই এৰিব পৰা নাই৷ একমাত্ৰ সেইটো কাৰণতে নগাঁৱৰ উপৰি বিভিন্ন অঞ্চলত দুৰ্ঘটনা ঘটিছে৷
প্ৰায়ভাগ ৰাস্তাই সুন্দৰ হৈ পৰাৰ সময়ত দুৰ্ঘটনাৰ মূল কাৰণ হৈ পৰিছে জনতাৰ বদ অভ্যাস৷ বৰ্তমান স্বাভাৱিকতে ফ’ৰলেন হোৱাৰ পিছত বাঢ়িছে গাড়ীৰ গতি৷
কিন্তু এতিয়াও নিৰ্দিষ্ট লেনত গাড়ী চলাবলৈ শিকা নাই বহুতো লোকে৷ আনকি সঠিক ৰাস্তাত চলি থকা গাড়ীৰ চালককো নিজকে লোকেল বুলি চিনাকি দি ধমকিহে দিছে একাংশ লোকে৷
বিশেষকৈ নগাঁৱৰ ফ’ৰলেন এইসকল চালকৰ বাবেই হৈ পৰিছে মৰণফান্দৰ দৰে৷ তেওঁলোকে ডিভাইডাৰলৈ যোৱাৰ এলাহত ওভোতা দিশেৰে গাড়ী চলায়৷ ওচৰৰে গাঁৱৰ পথত সোমোৱাৰ বাবেও একো লেন নিৰ্দেশনা নামানে এইসকল লোকে৷
আচলতে অসমৰ একাংশ লোকে এতিয়াও শিকাই নাই লেন নিৰ্দেশনা৷ পূৰ্বৰ ২ লেনযুক্ত পথৰ দৰেই এতিয়াও ওভোতাকৈ তেওঁলোকে গাড়ী চলাই আছে৷ কিন্তু এইসকল লোকৰ বাবেই দ্ৰুতবেগী বাহন প্ৰায় পতিত হৈছে দুৰ্ঘটনাত৷
আনকি আৰক্ষীৰ ফাইনেও জনতাৰ মানসিকতা সলনি কৰিব পৰা নাই৷ ডিভাইডাৰ দূৰত থকাৰ বাবে বাওঁফাল-সোঁফাল একো নামানি চলাইছে গাড়ী৷