সদনৰ অচলাৱস্থাৰ সময়ত সঁচাকৈ ৰাজনৈতিক জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো কৰি পেলালে ৰাহুল গান্ধীয়ে৷
সুযোগৰ সন্ধানত ৰৈ থকা বিজেপিক ৰাহুলেই দিলে সুৱৰ্ণ সুযোগ৷ ৰাজনৈতিক কেৰিয়াৰৰ সবাতোকৈ ডাঙৰ ভুল কৰি ৰাহুল গান্ধীয়ে কলংকৰ অলংকাৰ পিন্ধিবলগীয়া হ’ল৷ সৰ্বশেষত নিজৰ মৰ্যাদা হানি কৰিলে ৰাহুলে৷
এতিয়া তেওঁ যিমানে যুক্তি নিদিয়ক কিয়, এটা ভুল যে হ’ল সেয়াও খাটাং৷ বিজেপিৰ সাংসদ প্ৰতাপ সাংৰগী আৰু মুকেশ ৰাজপুতক গঁতা মাৰি ৰাহুলে নিজকে সাধাৰণ নেতাৰ স্তৰলৈ নমালে৷
শেষত তেওঁৰ বিৰুদ্ধে নগা সাংসদ ফংনেন কন্যাকেও যি অভিযোগ উত্থাপন কৰিছে সেয়াও ভয়ংকৰ৷ নাগালেণ্ডৰ সাংসদগৰাকীৰ মতে ৰাহুল তেওঁৰ গাতে গা লগাই থিয় হৈছিল৷
সংসদৰ মকৰ দ্বাৰৰ এই অপ্ৰীতিকৰ পৰিৱেশে এফালে গণতন্ত্ৰৰ মৰ্যাদা হানি কৰিলে৷ আনদিশে বিজেপিক দিলে নৱজীৱন লাভ কৰা কংগ্ৰেছক আক্ৰমণৰ সুযোগ৷
এতিয়া এই ভুলৰ পৰাও উদ্ধাৰ পাবলৈ কংগ্ৰেছক বহু সময়ৰ প্ৰয়োজন হ’ব৷