অসমৰ ডুবাইত কিনিবই নোৱাৰি সামগ্ৰী
ডুবাই কেৱল আৰবতে নাই, অসমতো আছে এখন বিশেষ ডুবাই
য’ত সকলো সামগ্ৰীৰে দাম আন বজাৰৰ তুনাত দুগুণ৷ অৱশ্যে বজাৰখনত সামগ্ৰী ক্ৰয় কৰে অইলৰে বেছিভাগ চাকৰিয়ালে৷ কিন্তু মাত্ৰ কেইজনমান চহকী লোকৰ বাবে সেই এলেকাটোৰ ৰাইজেও বেছি দামত কিনিবলগীয়া হয় সামগ্ৰী৷
আপুনি আনঠাইত বিলাহী ৪০ টকাত পাব পাৰে৷ কিন্তু দুলীয়াজানৰ অইল বজাৰত এতিয়াও বিলাহীৰ কেজি ৬০ টকা৷
কাৰণ দুলীয়াজান হৈছে অসমৰ ডুবাই৷ অইলৰ মুখ্য কাৰ্যালয় থকা বাবে চহৰখনতে আছে প্ৰতিষ্ঠানটোৰ আৱাসিক এলেকা৷
তেওঁলোকৰ কোৱাৰ্টাৰৰ কাষৰীয়া যিখন বজাৰ, সেইখনৰ নাম অইল মাৰ্কেট৷ তাত সকলো সামগ্ৰীৰে দাম বেছি৷
ওচৰৰ অঞ্চলৰ হাজাৰোধিক বিক্ৰেতাই সেই বজাৰখনত ভিৰ কৰে৷ সেয়ে সকলো সময়তে জনাৰ্কীণ হৈ থাকে বজাৰখন৷
অসমৰ ডুবাই বুলি কোৱা দুলীয়াজানত কিন্তু দুখীয়া মানুহৰ সংখ্যাও কম নহয়৷ পিছে অইলৰ চাকৰিয়ালৰ বাবে তেওঁলোকেও সৰহীয়া দামত কিনিবলগীয়া হয় সামগ্ৰী৷
ধনীয়ামুঠিৰ পৰা বন্ধাকবিলৈ সকলো সামগ্ৰীৰে দাম তাত বেছিয়েই৷ অইল মাৰ্কেটৰ বাবে দুলীয়াজানৰ এচাম ব্যৱসায়ীয়ে ধন ঘটিছে৷ পিছে সাধাৰণ ৰাইজৰ হৈছে দুৰ্গতি৷