জামিনবিহীন ধাৰাত অভিযুক্ত ৰাহুল

সদনৰ মকৰ দ্বাৰত সংঘটিত লজ্জাজনক ঘটনাৰ পিছত আৰম্ভ হৈছে এজাহাৰ ৰাজনীতি৷ ৰাহুল গান্ধীৰ বিৰুদ্ধে শাৰীৰক নিগ্ৰহৰ অভিযোগ উত্থাপন কৰি সংসদ মাৰ্গ থানাত অনুৰাগ ঠাকুৰ, বাঁসুৰী স্বৰাজ আৰু হেমাংগ যোশীয়ে এজাহাৰ দাখিল কৰিছে৷
তিনিও বিজেপি সাংসদে ভাৰথীয় ন্যায় সংহিতাৰ অধীনত ৬টা ধাৰাত ৰুজু কৰিছে গোচৰ৷ তাৰ ভিতৰত আছে হত্যাৰ চেষ্টাৰ অভিযোগৰ ১০৯ নং ধাৰা৷ তদুপৰি ইচ্ছাকৃতভাৱে আঘাত কৰাৰ সন্দেহত ১১৭ নং ধাৰাতো গোচৰ ৰুজু কৰা হৈছে৷
একেদৰে কংগ্ৰেছৰ উপৰি ইণ্ডিয়া মৰ্চাৰ নেতৃত্বয়ো বিজেপিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ মকৰ দ্বাৰৰ অঘটনত মল্লিকাৰ্জুন খাৰ্গেই আঁঠুত আঘাত পোৱাৰ অভিযোগ তুলি সাংসদ মাৰ্গ থানাতে দাখিল কৰা হৈছে এজাহাৰ৷
আনহাতে ৰাহুল গান্ধীৰ গতা খাই আই চি ইউত সোমোৱা মুকেশ ৰাজপুত হৈছে উত্তৰ প্ৰদেশৰ ফাৰুখাবাদ সমষ্টিৰ সাংসদ৷ তেওঁ প্ৰধানমন্ত্ৰীৰ উপৰি যোগী আদিত্যনাথৰো ঘনিষ্ঠ৷
চিৰিত বাগৰি মূৰ ফটা প্ৰতাপ চন্দ্ৰ সাৰংগী হৈছে ওড়িষাৰ গোপীনাথপুৰৰ সাংসদ৷ তেওঁ পূৰ্বৰ চৰকাৰত আছিল গৃহ দপ্তৰৰ ৰাজ্যমন্ত্ৰী৷ ৬৯ বছৰীয়া সাৰংগী কঠোৰ হিন্দুত্ববাদী হিচাপেই পৰিচিত৷
দশক পূৰ্বে ওড়িষাত সংঘটিত খ্ৰীষ্টান মিছনেৰী গ্ৰাহাম ষ্টেইনৰ হত্যাকাণ্ডৰো তেৱেঁই মূল অভিযুক্ত৷ দোভাগ নিশা গাড়ীত জুই লগাই সন্তানসহ গ্ৰাহাম ষ্টেইনক জ্বলাই দিয়া বুলি সাৰংগীৰ বিৰুদ্ধে অভিযোগ উঠিছিল৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email