বেছিকৈ সোৱাদ লগা কুছিয়াবোৰ ফ্লেটৰ লেট্ৰিনৰ টেংকীত প্ৰতিপালন কৰা হয় কথাটো সত্য, লেট্ৰিনৰ ছেপ্টিক টেংকত থকা এটা কুছিয়াৰ ওজন এবছৰতে এক কেজিপৰ্যন্ত হয় কিন্তু গোবৰ ভৰ্তি কুঁৱাত ৰাখিলেও কুছিয়াৰ ওজন দুবছৰতহে ১ কেজি হয় কুছিয়া পালন কৰিব পৰাকৈ সুবিধাজনকভাৱেই বৰ্তমান নিৰ্মাণ কৰা হয় গুৱাহাটীৰ এপাৰ্টমেণ্টৰ ছেপ্টিক টেংক এইবোৰত বৰ্তমান অক্সিজেন সোমোৱাৰ বাবে কৌশলেৰে কেবাটাও বিন্ধা ৰখা হয় তাৰ পিছতে এপাৰ্টমেণ্টৰ লেট্ৰিনৰ টেংকত সুমুৱাই দিয়া হয় কুছিয়া অৱ্শ্যে একেটা বুদ্ধিয়েই অৱলম্বন কৰে নগাঁও আৰু মৰিগাঁৱৰ কুছিয়া পালকে৷ তেওঁলোকে প্ৰকাশ কৰা অনুসৰি লেট্ৰিনৰ টেংকত ৰখা কুছিয়া সচৰাচৰতকৈ দুগুণ ডাঙৰ হয় মানুহৰ বিষ্ঠা খোৱা কুছিয়াৰ এবছৰতে ওজন দুই কেজি হোৱাৰো উদাহৰণ আছে৷ এইবোৰ কুছিয়া বিক্ৰী হয় গুৱাহাটীৰ বজাৰত মানুহৰ মল খোৱা কুছিয়াৰ বজাৰত দাম ১,০০০ টকাপৰ্যন্ত হয়গৈ ১ কেজি কুছিয়াৰ দাম কেতিয়াবা আৰু বৃদ্ধি পায় গতিকে তেজ হোৱাৰ আশাত কুছিয়াখোৱাৰ আগতে ভাবি চাওক