প্ৰশ্ন হয়
সঁচাকৈ ৰাহুল গান্ধীয়ে গঁতিয়াই দিলে নেকি?
বিজেপিৰ দুজন সাংসদক ৰাহুল গান্ধীয়ে গঁতিয়াই মূৰ ফালি দিলে নেকি?
সংসদত অমিত শ্বাহৰ আম্বেদকাৰকেন্দ্ৰিক বিতৰ্কৰ সময়ত অঘটনটো সংঘটিত হ’ল৷ কিন্তু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ ভাষ্য সম্পূৰ্ণ বিপৰীতে৷
তেওঁৰ মতে সদনৰ মূল দ্বাৰেৰে প্ৰৱেশৰ সময়ত বিজেপি সাংসদে বাধা দিছিল৷ এদল সাংসদে হাতত ধৰি তেওঁক ওভতাই পঠিয়াবলৈ ধৰিছিল৷
তেতিয়াই ঠেলা-হেঁচা লাগিল৷ সেই সময়তে সদনৰ চিৰিত বাগৰি পৰিল বিজেপিৰ সাংসদ মুকেশ ৰাজপুত আৰু প্ৰতাপ সিং সাৰংগী৷
কিন্তু প্ৰশ্ন হয়, সদনত ৰাহুলে বিপক্ষৰ সাংসদক গঁতা মাৰি দিবলগীয়া কিয় হ’ল?
অকাইড’ নামৰ জাপানী মাৰ্চিয়েল আৰ্টৰ ব্লেকবেল্ট ৰাহুলে আজি সদনত নীলা টি-ছাৰ্ট পিন্ধি প্ৰৱেশ কৰিছিল৷ বহুতৰে মতে সদনত বাহুবল প্ৰদৰ্শনৰ লক্ষ্যৰেই সোমাইছিল ৰাহুল৷
কিন্তু কংগ্ৰেছে এই দাবী নস্যাৎ কৰিছে৷ বৰ্তমান ঘটনাৰ বিষয়ে লোকসভাৰ অদ্যক্ষক অৱগত কৰাইছে অমিত শ্বাহ আৰু কিৰেন ৰিজিজুৱে৷ লগতে প্ৰধানমন্ত্ৰীয়েই খবৰ লৈছে আহত সাংসদৰ৷