ৰামচন্দ্ৰৰ দৰেই অশ্বিনৰ বিদায়

শ্ৰীৰামচন্দ্ৰই মাতৃৰ নিৰ্দেশ সাৰোগত কৰি ১৪ বছৰে কটাইছিল বনবাসী জীৱন সেইদৰেই ১৪ বছৰীয়া ক্ৰিকেট কেৰিয়াৰৰ যৱনিকা পেলাই পৰিয়ালৰ মাজলৈ প্ৰত্যাৱৰ্তন কৰিলে ৰবিচন্দ্ৰন অশ্বিনে বিদায় বেলাত তেওঁ মাত্ৰ ক’লে টেষ্ট ক্ৰিকেট হৈছে জীৱনৰ দৰেই টেষ্টে জীৱন জীয়াই থাকিবলৈ শিকাই, পৰিণতি গ্ৰহণ কৰিবলৈয়ো শিকায় মানুহে চাপৰ মাজতো কেনেকৈ জীয়াই থাকিব লাগে সেয়াও টেষ্টে ক্ৰিকেটেই শিকায় দেশৰ ক্ৰিকেট ইতিহাসৰ অন্যতম সফল বলাৰজনে ব্ৰীজবেনত আকস্মিকভাৱে সমাপ্তি পেলালে ক্ৰিকেটীয় জীৱনৰ শৈশৱতে যেতিয়া পেচ বলিঙৰ অভ্যাস কৰিছিল তেতিয়া পিছে মাতৃয়ে স্পীনাৰ হোৱাৰহে উপদেশ দিছিল অশ্বিনক সেই উপদেশ মানিয়েই স্পীনাৰ হৈ বলৰ ভেল্কীবাজীৰ কৌশল ঠিকেই তেওঁ আয়ত্ত কৰি পেলালে তদুপৰি দীৰ্ঘদিনে তেৱেঁই আছিল টীম ইণ্ডিয়াৰ সবাতোকৈ শিক্ষিত তাৰকা ইলেকট্ৰিকেল ইঞ্জিনীয়াৰ অশ্বিন আছিল মেধাৱী ছাত্ৰ দীৰ্ঘদেহী বলাৰজনে সবাতোকৈ দ্ৰুতগতিত ভাৰতীয় ক্ৰিকেটাৰ হিচাপে টেষ্টত লৈছিল ১০০ উইকেট সেইধৰে দ্বিতীয় দ্ৰুত গতিত তেওঁ ৩০০ উইকেট লাভ কৰিছিল তেওঁ হৈছে দেশৰ দ্বিতীয় সৰ্বাধিক টেষ্ট উইকেট দখল কৰা বলাৰ৷ বিশ্বৰ ভিতৰত তালিকাখনততওঁ সপ্তম স্থানত আছে বেটেৰেও কেবাবাৰো অশ্বিন ত্ৰাণকৰ্তাৰ ৰূপত ফিল্ডত নামিছিল বিশেষকৈ টেষ্টত আছিল অশ্বিন নিৰ্ভৰযোগ্য বেটছমেন৷ আজিৰ পৰা টীম ইণ্ডিয়া অশ্বিনবিহীন হ’ল তেওঁৰ খালী স্থান পূৰাবলৈ আছে কেবাজনো নৱাগত৷ কিন্তু কাৰোৰে নাই অশ্বিনৰ দৰে টেম্পাৰমেণ্ট

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial