নিৰ্মাণত বিলম্বৰ বাবে বৃদ্ধি হৈছে অসমত চলি থকা প্ৰকল্পৰ ব্যয় কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতা লাভ কৰা ৬ আঁচনিৰ ৰূপায়ণ অত্যধিক লেহেমীয়া হোৱা বাবে খৰচৰ মাত্ৰা যথেষ্ট বৃদ্ধি হৈছে সংসদত কেন্দ্ৰীয় পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ দপ্তৰৰ মন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিঙে এই তথ্য সদৰী কৰিছে৷ তেওঁ উল্লেখ কৰা অনুসৰি অসমত নিৰ্মীয়মান অসামৰিক বিমান পৰিবহণ, পেট্ৰ’লিয়াম, ৰে’লৱে আৰু পথ পৰিবহণ খণ্ডৰ ৬টা প্ৰকল্প সময় মতে সম্পূৰ্ণ হৈ উঠা নাই ফলত মুঠ অনুমোদিত ব্যয় ১৭,৭৬৬.২৩ কোটি টকাৰ পৰা বৃদ্ধি হৈ ২৮,৬৮৩.৬৬ কোটি টকালৈ বৃদ্ধি পাইছে৷ ৬ প্ৰকল্পৰ নিৰ্মাণ ব্যয় বৃদ্ধিৰ হাৰ হৈছে ৬১.৪৫% যদি ২০২৫ চনৰ ভিতৰত এই আঁচনি সম্পূৰ্ণ নহয় তেন্তে খৰচৰ পৰিমাণ আৰু বৃদ্ধি পাব গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ নতুন টাৰ্মিনেল ভৱনটো নিৰ্মাণৰ বাবে ২০১৬ চনৰ ডিচেম্বৰতেই ১,১৪২ কোটি টকা অনুমোদন দিয়া হৈছিল৷ এই প্ৰকল্প ২০২১ চনৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল কিন্তু এইপৰ্যন্ত ইয়াৰ অগ্ৰগতি হৈছে মাত্ৰ ৬৮.৯৯% ফলত বৰ্তমান নিৰ্মাণ ব্যয় বৃদ্ধি হৈছে ২,২৩৩ কোটি টকালৈ মন্ত্ৰীগৰাকীয়ে প্ৰকল্প ৰূপায়ণৰ লেহেমীয়া গতিৰ বাবে কাৰিকৰী, বিত্তীয় আৰু প্ৰশাসনিক দিশকে জগৰীয়া কৰিছে। সমগ্ৰ দেশতে এনে বহুবোৰ প্ৰকল্প এতিয়াও অৰ্ধনিৰ্মিত অৱস্থাতেই আছে যদিও অসমত এই হাৰ আপেক্ষিকভাৱে অধিক আনহাতে ফেব্ৰুৱাৰীত ৰে’লৱে ব’ৰ্ডে আৰু ছেপ্টেম্বৰত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে চূড়ান্ত অনুমোদন জনোৱাৰ পিছতো শৰাইঘাটৰ দ্বিতীয়খন ৰে’ল দলং নিৰ্মাণ আৰু লামডিঙৰ পৰা ফৰকাটিঙলৈ দ্বৈত ৰে’লপথৰ নিৰ্মাণৰ কাম আজিলৈ আৰম্ভ হোৱা নাই শৰাইঘাটত দ্বৈত ৰে’লপথৰ এখন দলং নিৰ্মাণৰ বৰ্তমান ব্যয় নিৰ্ধাৰণ কৰা হৈছে ১,৪৭৩.৭৭ কোটি টকা লামডিং-ফৰকাটিং দ্বৈত ৰে’লপথৰ বাবে এই খৰচ হৈছে ২,১২৩.৭ কোটি টকা কিন্তু প্ৰকল্প দুটা সম্পুৰ্ণ হয়গৈ মানে নিৰ্মাণ ব্যয় অতি কমেও ৬০% বৃদ্ধি হোৱাটো একপ্ৰকাৰ খাটাং