চাৰিটা বেংকৰ বাবে বিচাৰিছে গ্ৰাহক

আই ডি বি আই বেংকো বেচিবলৈ সাজু হৈছে চৰকাৰ৷ বেংকটোৰ আধা শ্বেয়াৰ বেচিবলৈ কেন্দ্ৰ উদ্যত হৈছে৷ বৰ্তমান প্ৰতিষ্ঠানটোৰ মাৰ্কেট কেপ হৈছে ৯৫ হাজাৰ কোটি টকা৷ কিন্তু ২৯ হাজাৰ কোটিৰ অংশীদাৰিত্ব বিক্ৰী কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে৷
আনহাতে বেংক বেচিবলৈ সিদ্ধান্ত লৈছে মোদী চৰকাৰে৷ লগে লগে দেশত বিত্তীয় সংকটৰ সূচনা হৈছে৷ তথাপি কিন্তু কেন্দ্ৰীয় চৰকাৰে নিশ্চিত কৰিছে বিক্ৰীৰ সিদ্ধান্ত৷ ব্যক্তিগত বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে শ্বেয়াৰ বজাৰতো কমিছে অংশীদাৰিত্বৰ দাম৷
কিন্তু সংকটৰ উমান পায়ো বাজেট দাখিলৰ পূৰ্বে চাৰিটা বেংক বিক্ৰী কৰিবলৈ চৰকাৰে প্ৰস্তুত হৈছে৷খবৰ অনুসৰি কেন্দ্ৰই প্ৰথমে বিক্ৰীৰ সিদ্ধান্ত লৈছে ইউক’ বেংক৷ বৰ্তমান প্ৰতিষ্ঠানটোৰ ৯৫.৪ শতাংশ অংশীদাৰিত্বৰ মালিক হৈছে কেন্দ্ৰীয় চৰকাৰ৷
ইউক’ বেংকত ব্যক্তিগত খণ্ডৰ প্ৰৱেশৰ তৎপৰতা চলোৱাৰ ফলত শ্বেয়াৰৰ দাম ৪ শতাংশ নিম্নগামী হৈছে৷ কেন্দ্ৰৰ হিটলিষ্টত আছে পঞ্জাব এণ্ড সিন্ধ বেংক৷ বৰ্তমান এইটো বিত্তীয় প্ৰতিষ্ঠানৰ ৯৮.৩ শতাংশ শ্বেয়াৰৰ মালিক হৈছে চৰকাৰ৷ কিছুদিন পূৰ্বলৈ বেংকটোৰ শ্বেয়াৰৰ দাম হঠাতে ঊৰ্ধ্বমুখী হৈছিল৷ পিছে বিক্ৰীৰ তথ্য প্ৰকাশৰ পিছতে প্ৰতিষ্ঠানটোৰ অংশীদাৰিত্বৰ দৰো ৪ শতাংশ কমিছে৷
ইণ্ডিয়ান অভাৰচীজো বেংকৰো গ্ৰাহক বিচাৰি কেন্দ্ৰীয় কেবিনেটত আলোচনা কৰা হৈছিল৷ বেংকটোৰ ৯৬.৪ শতাংশ মালিকীস্বত্ত্বৰ সিংহভাগেই বেচিবলৈ চৰকাৰে ইচ্ছা কৰাৰ পিছত শ্বেয়াৰ বজাৰত কাৰ্যত: জোকাৰণিৰ সৃষ্টি হৈছে৷ ৪.৪ শতাংশ কমিছে৷
চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰো ৯৩ শতাংশ অংশীদাৰিত্বৰ বৰ্তমান মালিক হৈ আছে চৰকাৰ৷ কিন্তু বিক্ৰীৰ তথ্য প্ৰকাশৰ পিছত এইটো প্ৰতিষ্ঠানৰো শ্বেয়াৰ কিনিবলৈ গ্ৰাহকে মন নকৰা হৈছে৷ ব’ম্বে ষ্টক একচেঞ্জৰ খবৰ অনুসৰি আকস্মিকভাৱে হ্ৰাস পাইছে অংশীদাৰিত্বৰ দাম৷
আন এক খবৰ অনুসৰি এই বিক্ৰয় পৰ্ব ব’ম্বে ষ্টক একচেঞ্জৰ অফাৰ ফৰ ছেলৰ জৰিয়তে কৰা হ’ব৷ কিন্তু এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ছেবিৰ দ্বাৰা তালিকাভুক্ত প্ৰতিষ্ঠানৰ ২৫ শতাংশ শ্বেয়াৰ বাহাল থকাটো দৰকাৰী৷ পিছে এই নিয়মো ২০২৬ৰ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ চৰকাৰে দিব পাৰে সুযোগ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email