সংসদৰ তলত যদি এটা মছজিদ উদ্ধাৰ হয় তেন্তে কি হ’ব? মছজিদ উদ্ধাৰ হ’লে তেন্তে সংসদ মুছলমানৰ হৈ পৰিব নেকি? এই মন্তব্য আছাদুদ্দিন অৱেইছিৰ৷ সদনত ভাষণ দি এই মন্তব্য কৰিলে সংখ্যালঘু নেতা আছাদুদ্দিন অৱেইছিয়ে৷ প্ৰত্যক্ষভাৱে আজি প্ৰধানমন্ত্ৰীক কিন্তু মুছলমান বিৰোধী হিচাপেও অৱেইছিয়ে অভিহিত কৰিলে৷ মন্দিৰৰ সন্ধানত মছজিদত চলি থকা জৰীপৰ প্ৰসংগত অৱেইছিয়ে সংসদ ভৱনো খান্দিবলৈ আহ্বান জনালে অৱেইছিয়ে৷ একেদৰে ৱাকফ আইন সংশোধন কৰি চৰকাৰে মুছলমানৰ সম্পত্তি কাঢ়ি নিয়াৰ চেষ্টা চলোৱা বুলি ক্ষোভ ব্যক্ত কৰিলে AIMIMৰ সাংসদজনে৷ সংখ্যালঘুক ক্ষমতা প্ৰদান কৰিবলৈ কোনেও ইচ্ছা নকৰে বুলি কটাক্ষ কৰি তেওঁ ধিক্কাৰ দিলে প্ৰধানমন্ত্ৰীক৷ আনহাতে সংসদৰ প্ৰথম শাৰীতে বহি ফোন টিপি আছিল ৰাহুল গান্ধীয়ে৷ সেই কথাটো চকুত পৰিল লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ৷ তাৰ পিছতে আজি বিৰোধী দলপতিগৰাকীক প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত অশোভনীয় আচৰণ নকৰিবলৈ আহ্বান জনালে অধ্যক্ষই৷
লোকসভাত সংবিধানকেন্দ্ৰিক আলোচনাৰ পিছত প্ৰধানমন্ত্ৰীয়ে দিছিল দীঘলীয়া অভিভাষণ৷ কিন্তু বক্তব্যৰ সময়ত মনোযোগৰ পৰিৱৰ্তে দৃষ্টিকটুভাৱে জ্যেষ্ঠ সদস্য ৰাহুল গান্ধী ফোনত ব্যস্ত হৈ আছিল৷ ১১০ মিনিটজোৰা অভিভাষণৰ সময়ত ৰাহুলে কিন্তু এবাৰলৈয়ো মোবাইলৰ পৰা মূৰ নুতুলিলে৷ দীৰ্ঘ সময়ছোৱা ফোন টিপিয়েই থাকিল কংগ্ৰেছ নেতাজন৷ সেই প্ৰসংগত আজি সদনত আকৌ হুলস্থুলৰ সৃষ্টি হ’ল৷ শেষত বিষয়টোত হস্তক্ষেপ কৰি ওম বিৰলাই অনাগত সময়ত এনে দৃষ্টিকটু আচৰণ নকৰিবলৈ ৰাহুলক ৰুলিং দিলে৷ আনহাতে ভাতৃৰ অমনোযোগিতাৰ বিপৰীতে প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত সৰৱ হৈ থাকিল প্ৰিয়ংকা গান্ধী৷ তেওঁ ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া৷