মাহিলী এখন ৱাইৱ শ্বপে দিয়ে ২ হাজাৰ!

অংকটো সৰলকৈ কৰি চাওক প্ৰায় ১,৪০০ ৱাইনশ্বপ আৰু মাহিলী ২,০০০কৈ টকা এতিয়া কথাটো শুনক এখন সুৰা বিপণীয়ে প্ৰতি সপ্তাহত কিমান সুৰা ৱেৰহাউছৰ পৰা ক্ৰয় কৰিব তাৰ নিৰ্ধাৰিত হিচাপ থাকে স্থানীয় আবকাৰী পৰিদৰ্শকে প্ৰতি সপ্তাহত ৱাইন শ্বপক নিৰ্দিষ্ট পৰিমাণৰ সুৰা কিনিবলৈ অনুমতি পত্ৰ প্ৰদান কৰাটোৱেই হৈছে লিখিত নিয়ম৷ কিন্তু আজিকালি প্ৰতিখন সুৰা বিপণীয়ে মৌখিকভাৱে প্ৰতি সপ্তাহত অনুমতি গ্ৰহণ কৰে তাৰ পিছত মাহিলী প্ৰতিখন সুৰা বিপণীয়ে এক্সাইজ ইন্সপেক্টৰৰ দ্বাৰা অনুমতি পত্ৰত এবাৰতে স্বাক্ষৰ কৰাই লয় এই ব্যৱস্থাত ওপৰে ওপৰে চালে একো ভুল নাই প্ৰতি সপ্তাহতে অফিচলৈ ৱাইন শ্বপৰ কৰ্মচাৰীয়ে তাঁত-বাতি কৰা ফুৰাতকৈ এমাহতে চাৰিখন অনুমতি পত্ৰত আবকাৰী পৰিদৰ্শকে চহী কৰি দিয়াটো ঠিকেই আছে কিন্তু গুৱাহাটীৰ আবকাৰী পৰিদৰ্শকে মাহৰ মূৰত অনুমতি পত্ৰখনত স্বাক্ষৰ কৰাৰ বিনিময়ত দাবী কৰে ২ হাজাৰকৈ টকা অৰ্থাৎ এখন সুৰা বিপণীয়ে ইন্সপেক্টৰক এই ধন মাহিলী দিব লাগে গতিকে নিজেই অংক কৰি চাওক, গুৱাহাটীৰ ১৪ শতাধিক সুৰা বিপণীৰ প্ৰতিখনৰ পৰা মাহিলী আবকাৰী পৰিদৰ্শকে লাভ কৰে কিমান টকা! এই ধনৰাশি এককভাৱে আবকাৰী ইন্সপেক্টৰে লাভ কৰে তেওঁলোকক ধন নিদিলেই খেলি-মেলি লগাই দিয়ে ৱেৰ হাউছ আৰু ৱাইন শ্বপৰ অংকত৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial