চৰকাৰী পইচাৰ আশাত ততালিকে সকলোৱে সাজি পেলালে নামঘৰ৷ আধৰুৱা কামবোৰো সোনকালে শেষ কৰিলে৷ কিন্তু সাঁচতীয়া পইচাৰে নামঘৰ সজাৰ পিছত চৰকাৰী ধনো একাউণ্টত নোসোমোৱা হ’ল৷
বিগত সময়ত চৰকাৰে অসম দৰ্শন নামৰ আঁচনিখন আৰম্ভ কৰিছিল৷ এই আঁচনিৰ অধীনত নামঘৰলৈ প্ৰথমে আঢ়ৈলাখকৈ টকা দিয়া হৈছিল৷
উক্ত ধনৰাশিৰে স্থাপন কৰা হৈছিল কেবাটাও নামঘৰ৷ পিছলৈ অসম দৰ্শনৰ পুঁজি ৩ লাখলৈ বৃদ্ধি কৰা হৈছিল৷ এতিয়া এই আঁচনিৰ অদীনত প্ৰতিটো নামঘৰে উন্নয়নমূলক কামৰ বাবে ৩ লাখ ৫ হাজাৰকৈ টকা লাভ কৰে৷
কিন্তু ১ লাখ টকাত এটা কিস্তিৰ ধন সোমোৱাৰ পিছত অহা নাই পিছৰ পৰ্যায়ৰ পুঁজি৷ ৩ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে এইপৰ্যন্ত মাত্ৰ ১ লাখহে দিছে৷
কিন্তু কেবাখনো গাঁৱত চৰকাৰী পুঁজি লাভৰ আশাত ইতিমধ্যে ৰাইজে সাঁচতীয়া ধন ভাঙি নামঘৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছে৷ নামঘৰৰ একাউণ্টত জমা থকা ধন শেষ কৰি সাজিছে মণিকূট৷
চৰকাৰী ধন সোমালেই ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰেও লৈছে ধাৰ৷ কিন্তু এতিয়াহে লাগিছে পয়মাল৷