নিশকতীয়া নেপালী সমাজ

ৰাজনৈতিক নেতৃত্ববিহীন হৈ পৰিছে অসমৰ গোৰ্খা
পূৰ্বে অসমৰ নেপালী সমাজৰ নেতা আছিল মণিকুমাৰ চুব্বা৷ যদিও বিতৰ্কৰ শেষ নাছিল, তথাপি চুব্বাও ৰাজনৈতিকভাৱে শক্তিশালী আছিল৷
গোৰ্খা নেতা হিচাপেই উত্থান ঘটিছিল টংক বাহাদুৰ ৰাইৰ৷ সেইটো চিনাকিৰেই তেওঁ অসম বিধানসভাৰ অধ্যক্ষও হৈছিলগৈ৷
কিন্তু অসমত বৰ্তমান নেপালীসকলক শক্তিশালী নেতৃত্ব দিব পৰা নেতাই নাই৷ বিজেপিৰ দুজন গোৰ্খা বিধায়কৰ ভিতৰত এজন হৈছে গণেশ প্ৰসাদ লিম্বু৷ বৰছলা সমষ্টিৰ বিধায়কজনৰ মাত বিধানসভা অথবা সমষ্টি ক’তোৱেই শুনা নাযায়৷
আনজন হৈছে মাৰ্ঘেৰিটাৰ ভাস্কৰ শৰ্মা৷ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হিচাপে প্ৰাৰ্থিত্ব লাভ কৰি তেওঁ জয়ী হৈছে৷ পিছে দলত বিশেষ গুৰুত্ব ভাস্কৰ শৰ্মাৰ নাই৷
কিন্তু বিজেপিৰ সংগঠনৰ সৈতে জড়িত আছে কেবাজনো গোৰ্খা নেতা৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰো অসম প্ৰান্তৰ ৪০ শতাংশ কৰ্মীয়েই হৈছে নেপালী সম্প্ৰদায়ৰ৷
তথাপি অসমত নাই গোৰ্খা ৰাজনৈতিক নেতৃত্ব৷ ৰাজনৈতিক স্থিতিৰ দিশৰ পৰা দিনে দিনে শক্তিহীন হৈ গৈ আছে অসমৰ নেপালী সমাজ৷ সেয়ে তেওঁলোক বঞ্চিত হৈছে প্ৰাপ্যৰ পৰা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email