এই কাৰণেই গুচি গ’ল ঐশ্বৰ্য

কিয় বচ্চন পৰিয়ালৰ সৈতে মনোমালিন্য ঘটিল ঐশ্বৰ্য ৰায়ৰ
এতিয়াহে ওলাইছে উৰহী গছৰ ওৰ
আচলতে স্বামীৰ উপৰি শাহু-শহুৰৰ সৈতেও বিশ্বসুন্দৰীৰ কাজিয়া লগাৰ কাৰণ আছে৷ সেইবাবেই পৰিয়ালৰ সংগত ত্যাগ কৰি চৰু নিলগাই লৈছিল ঐশ্বৰ্যই৷
শেহতীয়া খবৰ অনুসৰি কন্যা আৰাধ্যা বুজন হোৱাৰ পিছত ঐশ্বৰ্যক দ্বিতীয় সন্তানৰ বাবে হেঁচা দিছিল বচ্চন পৰিয়ালে৷ বিশেষকৈ শাহু জয়া বচ্চনে বিচাৰিছিল দ্বিতীয়টো নাতি৷
প্ৰথমে শাহুৱেকৰ কথা উপেক্ষা কৰিছিল ঐশ্বৰ্যই৷ কিন্তু সন্তান বিচাৰি অমিতাভ বচ্চনেও হেঁছা দিয়া হ’ল ঐশ্বৰ্যক৷
শহুৰেও নাতিনী বিচাৰি আমনি কৰাত অতিষ্ঠ হৈ পৰিল ঐশ্বৰ্য৷ তেতিয়া তেওঁ কামনা কৰিছিল স্বামীৰ সংগ৷ কিন্তু পত্নীৰ পৰিৱৰ্তে অভিষেকেও পিতৃ-মাতৃকহে সমৰ্থন কৰিলে৷
আৰাধ্যা ডাঙৰ হোৱাৰ পিছত আৰু এটি সন্তান বিচাৰি ঐশ্বৰ্যক অতিষ্ঠ কৰি পেলালে অভিষেকে৷ তেতিয়াই অতিষ্ঠ হৈ ঐশ্বৰ্যই ত্যাগ কৰিলে বচ্চন পৰিয়ালৰ ঘৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email