গাড়ীৰ পৰা আলু-পিঁয়াজ চুৰি কৰা চোৰৰ দল ওলাইছে উজনিত৷ দোকানলৈ সামগ্ৰী কঢ়িয়াই থকা চলন্ত গাড়ীৰ পৰাই পিঁয়াজ চুৰি কৰিছে এদল যুৱকে৷ এইদৰে চুৰি কৰিয়েই তেওঁলোকে ধন ঘটিছে৷
বিশেষকৈ ডিব্ৰুগড়ৰ বৰবৰুৱাৰ পৰা শিৱসাগৰলৈ পথছোৱাত চুৰি হয় আলু-পিঁয়াজ৷ সেই পথছোৱাত হাতত ব্লেড লৈ সাজু থাকে চোৰ৷
পথ খালী হৈ থকা সময়ত আলু-পিঁয়াজ কঢ়িওৱা গাড়ী পাৰ হৈ গ’লেই সেইসকল সষ্টম হৈ উঠে৷ আন গাড়ীৰ পৰা জঁপিয়াই চোৰ যুৱক সহজে ট্ৰাক বা মাল কঢ়িওৱা বাহনতো সহজে উঠিব পাৰে৷
তাৰ পিছত ব্লেডেৰে কাটি পেলাই গাড়ীতে ফালি পেলাই পিঁয়াজৰ বস্তা৷ গাড়ীৰ সন্মুখত যি বস্তা থাকে সেইবোৰ ফালি ৰাস্তাতে আলু অথবা পিঁয়াজ পেলাবলৈ চেষ্টা কৰে চোৰে৷
একেদৰে সুবিধাজনক হ’লে বস্তাই গাড়ীৰ পৰা পেলাই দিয়ে৷ এই পদ্ধতিৰেই চুৰি কৰি আহিছে উজনিৰ এচাম অসমীয়া যুৱকে৷
সেই পথছোৱাৰে পাৰ হোৱাটোৱেই বিভিন্ন সামগ্ৰী কঢ়িওৱা গাড়ীৰ বাবে হৈ পৰিছে সমস্যা৷ বৰুৱৰুৱাৰ পৰা চ্যুকাফা তিনিআলি আৰু শিৱসাগৰমুখী পথতো চোৰে কাটিছে বস্তা৷
এই কাৰ্যত জড়িতসকল হৈছে খাটী অসমীয়া যুৱক৷ তেওঁলোকে চুৰি কৰি ঘটিছে ইজিমানী৷ বস্তা কাটি উলিওৱা আলু-পিঁয়াজ বেচি পাইছে পইচা৷