আজি ছহিদ দিৱস

মনোনয়ন দাখিল কৰিবলৈ সদলবলে ওলাই যোৱা আবিদা বেগমৰ সমদল ৰোধ কৰিছিল এদল তেজাল অসমীয়া যুৱকে৷ যিসকলৰ ভিতৰত আছিল খৰ্গেশ্বৰ তালুকদাৰ৷ অগ্নিগৰ্ভা সময়ত খৰ্গেশ্বৰ তালুকদাৰ নিহত হ’ল৷ তাৰ পিছত এজন এজনকৈ প্ৰাণ হেৰুৱালে পাহোৱাল অসমীয়াই৷ শেষত আন্দোলনকাৰী চুক্তি কৰিবলৈ দিল্লীমুখী হ’ল৷ কিন্তু তেতিয়াও চুক্তিত স্বাক্ষৰ কৰিবলৈ আগ্ৰহী নাছিল পৱিন্দ্ৰ ডেকা পাটাছাৰকুছিৰ যুৱক পৱিন্দ্ৰ ডেকা কিন্তু আছিল চুক্তিত স্বাক্ষৰ কৰিবলৈ ওলোৱা নেতাসকলৰ অন্যতম প্ৰবল জাতীয়তাবাদী পৱিন্দ্ৰ ডেকাও একেলগে আছিল কেবাগৰাকী শীৰ্ষ নেতাৰ সৈতে অৱশ্যে তেতিয়া সুকীয়াকৈ আছিল প্ৰফুল্ল মহন্ত আৰু ভৃগু ফুকন৷ কিন্তু চুক্তি স্বাক্ষৰৰ আগদিনা গণ্ডগোল লাগিল৷ অসমত ৫ বছৰীয়া আন্দোলন কৰা নেতাসকলৰ কাজিয়া লাগিল৷ খঙৰ ভমকত দিল্লী এৰি নিশাই অসমলৈ ঘূৰি আহিল পৱিন্দ্ৰ ডেকা ৮৫৫ জন ছহিদ হোৱাৰ পিছত চুক্তি কৰিবলৈ যোৱা নেতাসকলৰ নিজৰ মাজতে খোৱা-কামোৰা লাগিল এয়াই অসম আন্দোলনৰ অন্যতম অপ্ৰকাশিত ইতিহাস

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial