খুলি লৈ গ’ল সকলো যন্ত্ৰ

এতিয়া বাদেই দিয়ক ২০৩২ চনলৈয়ো সম্পূৰ্ণ নহয় মাজুলীৰ দলং মাজুলীৰ দলঙৰ কাম গেথেলা মাৰিলে যেতিয়া শীঘ্ৰে আৰম্ভ হোৱাৰ সম্ভাৱনা নাই যোৰহাটৰ পৰা মাজুলীলৈ মটৰ চাইকেলত যাত্ৰাৰ বাবে ৰাইজে আৰু ১০ বছৰ অপেক্ষা কৰিব লাগিব মূল ঠিকাদাৰ গোষ্ঠীকে কামৰ পৰা আঁতৰোৱাৰ পিছত এই কথা অনিবাৰ্য হৈ পৰিছে অলপতে মাজুলীৰ বিধায়কৰ উপৰি সত্ৰাধিকাৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰিছিল৷ তেতিয়াও গাডকাৰীয়ে দিছিল ক্ষিপ্ৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি কিন্তু ঘটনাৱলীয়ে পৰিস্ফূট কৰিছে- এতিয়া সহজ হৈ থকা নাই মাদুলীৰ দলঙৰ নিৰ্মাণ প্ৰক্ৰিয়া ইতিমধ্যে UP ষ্টেট ব্ৰীজ কৰ্প’ৰেশ্যনে দায়িত্ব ত্যাগ কৰিছে৷ গতিকে উপ-ঠিকা লাভ কৰা BRCও ছাইটৰ পৰা আঁতৰি গৈছে এতিয়া কেন্দ্ৰীয় চৰকাৰে নতুনকৈ টেণ্ডাৰিঙৰ কাম কৰিব বুলি ঘোষণা কৰিছে. কিন্তু এইপৰ্যন্ত পুনৰ নিবিদা আহ্বানক লৈ আৰম্ভ হোৱা নাই প্ৰস্তুতি অৰ্থাৎ কেতিয়ালৈ পুনৰ নিবিদা আহ্বান কৰিব অথবা নিৰ্মাণ আৰম্ভ হ’ব তাৰ কোনো নিশ্চিতি নাই আনহাতে শেহতীয়াকৈ উপ-ঠিকা লাভ কৰা প্ৰতিষ্ঠানে ছাইটৰ পৰা খুলি নিছে বিবিন্ন সামগ্ৰী৷ তেওঁলোকে নিৰ্মাণত ব্যৱহাৰ কৰা কাৰিকৰী সজুলি দলঙৰ পৰা লৈ গৈছে গতিকে এতিয়া মাজুলীৰ দলং কেতিয়ালৈ হ’ব সেই প্ৰশ্ন হৈ পৰিছে নিৰৰ্থক

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial