মাচুল কমাবই লাগিব লেচীয়ে

স্ব-নিৰ্ধাৰিত হাৰত টোলকৰ সংগ্ৰহ  কৰিব নোৱাৰে দায়িত্ববাহী প্ৰতিষ্ঠানে লেচী হিচাপে থকা সংস্থাই নিজে নিৰূপণ কৰা মাত্ৰাত যাত্ৰীৰ পৰা  ধন আদায় কৰিব নোৱাৰে  সদনত কেন্দ্ৰীয় মন্ত্ৰীয়ে স্পষ্ট কৰি দিছে এই কথা৷ প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰীয়ে সদৰী কৰা অনুসৰি দেশৰ টোলপ্লাজাৰ কৰৰ পৰিমাণ প্ৰধানত: পাইকাৰী দাম  সূচকাংকৰ মাত্ৰাত নিৰ্ধাৰণ কৰা হয় অৰ্থাৎ মুদ্ৰাস্ফীতিৰ বিষয়ে গণনা কৰি  নিৰূপণ কৰা হয় টোলটেক্স বয়-বস্তুৰ দাম যিমানে বাঢ়ে সিমান হাৰত  নিৰ্ধাৰণ কৰা হয় টেক্সগতিকে ভিন্ন ৰাজ্যত কৰৰ পৰিমাণ কম-বেছি  হৈ থকাৰো অৰ্থ নাই সামগ্ৰিকভাৱে যিহেতু ৰাষ্ট্ৰীয় ভিত্তিতে মুদ্ৰাস্ফীতিৰ বিষয়ে নিৰীক্ষণ কৰা হয়, সেয়ে টোলকৰো দেশজুৰি  সমান হোৱাত বাধা নাই অৱশ্যে এই কথা প্ৰকাশ নকৰিলেও চৰকাৰে কৰৰ তাৰতম্যৰ  বিষয়ে একাধিক ব্যাখ্যা কৰিছে তদানুসৰি পথৰ মান অনুসৰি  টোলকৰ নিৰ্ধাৰণ কৰা হয়যদি পথৰ অৱস্থা উত্তম হয় তেন্তে টোলগেটৰ  খৰচ বৃদ্ধি পোৱাটো অৱধাৰিততদুপৰি দুইলেনযুক্ত ৰাস্তাত কৰৰ পৰিমাণ কম হ’ব বুলি চৰকাৰে সদৰী কৰিছে৷ ৰাষ্ট্ৰীয় ঘাইপথৰ নিয়মাৱলীৰ আধাৰত এই খৰচ নিৰ্ধাৰণ কৰা হৈছে বুলিও আজি সদনত  বিভাগীয় মন্ত্ৰীয়ে সদৰী কৰিছে বিগত সময়ত টোলটোক্সৰ অবান্তৰ  পৰিমাণে হতভম্ব কৰিছে যাত্ৰীক বিশেষকৈ দেশৰ ভিতৰতে অসমত এই হাৰ সৰ্বাধিক বুলিও প্ৰমাণিত হৈছে

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email