বাই-ভনীৰ দৰেই আছে ডাক্তৰ সংগীতা আৰু চুমি বৰা

জেলত বাই-ভনীৰ নিচিনাকৈ  আছে দুগৰাকী চিনাকি মহিলা তেওঁলোক হৈছে নৰ্তকী চুমি বৰা আৰু ডাক্তৰ সংগীতা দত্ত৷ চুমিক লগ পোৱাৰে পৰা নোহোৱা হৈছে সংগীতাৰ চিঞৰ-বাখৰ৷ আগতে গগন বিদাৰি জেলত চিঞৰি থকা সংগীতা হৈ পৰিছে শান্ত অৱশ্যে ডিব্ৰুগড়ৰ পৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ নিয়াৰ বহুদিন পিছলৈ সংগীতাক লগেই পোৱা নাছিল চুমিয়ে৷ কিন্তু কেইদিনমান পূৰ্বে তেওঁক মহিলা চেলৰ সংগীতাৰ একেবাৰে কাষৰ কক্ষলৈ স্থানান্তৰ কৰা হৈছিল তেতিয়াৰ পৰা সংগীতা দত্তৰ সৈতেই দিনটো বহি কথা পাতি থাকে নৰ্তকী চুমি বৰাই৷ সন্ধিয়া হাজিৰা দিয়া  সময়লৈ দুয়ো একেলগেই থাকেজে’লৰ বাৰাণ্ডাত সংগীতা আৰু চুমিয়ে একেলগে খোজ কাঢ়ে প্ৰায়ে কান্দি থকা সংগীতাক শান্ত্বনা দিছে চুমিয়ে চুমি বৰাৰ শান্ত্বনাতে চিকিৎসকগৰাকী মানসিকভাৱে সুস্থিৰ হৈ পৰিছে৷ মোৰ ২০ বছৰ জে’ল হ’ব বুলি বিকট চিঞৰ মাৰি আগতে প্ৰায়ে অচেতন হৈ পৰিছিল সংগীতা৷ কিন্তু চুমিৰ বুজনিত তেওঁ শান্ত হৈছে একেলগে জে’লৰ পৰা ওলাই যাম বুলি দুই বান্ধৱীয়ে পাতিছে কথা প্ৰায়ে চুমিৰ হাতত ধৰি সংগীতাই কৈছে দুখৰ কথা৷ শিশু নিৰ্যাতনৰ অভিযোগত জে’লত সোমোৱা মহিলাগৰাকীয়ে বৰ্তমান মানি লৈছে অপৰাধ৷ কিন্তু জেলত তেওঁ পাইছে চুমি বৰাৰ সান্নিধ্য দুখৰ কথা পাহৰি ডাঃ সংগীতাৰ সৈতে সখী পাতিছে চুমিয়ে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email