হাঁহি আছে ভূপেন বৰাই

গৰু ৰাজনীতিত বিধ্বস্ত হৈ পৰিল ৰকিবুল হুছেইন
এফালে দীৰ্ঘদিনীয়া ছেকুলাৰ ইমেজৰ ক্ষতি হ’ল, আনদিশে মুছলমানৰ বিৰোধিতাৰো সন্মুখীন হ’ল ৰকিবুল৷
চামগুৰিত ৰকিবুলে যেতিয়াই গো-মাংসৰ প্ৰসংগ উত্থাপন কৰিলে, তেতিয়াই হিমন্ত বিশ্ব শৰ্মাই খালী গ’লপোষ্টত বল ভৰাই দিলে৷
এতিয়া গো-মাংসৰ প্ৰসংগক কেন্দ্ৰ কৰিয়েই ধুবুৰীতো বিৰোধিতাৰ সন্মুখীন হৈছে ৰকিবুল৷ এদল বিৰোধীয়ে ধুবুৰীত প্ৰৱেশৰো বিৰোধিতা কৰিছে ৰকিবুলৰ৷
গতিকে বৰ্তমান ৰকিবুলৰ ৰাজনৈতিক ভৱিষ্যতক কেন্দ্ৰ কৰিও প্ৰশ্নৰ উদ্ৰেক হৈছে৷ কিন্তু ইফালে মিচিকিয়াই হাঁহিছে ভূপেন বৰাই৷ হিমন্ত বিশ্ব শৰ্মাক শ’লঠেকত পেলাবলৈ চেষ্টা কৰি ভূপেন বৰাই ৰঙানদী সমষ্টিত যিদৰে ৰকিবুলক উপস্থাপন কৰিছিল এতিয়া সেইটো হৈ পৰিছে ৰহস্যৰ বিষয়৷
তাৎপৰ্যপূৰ্ণভাৱে গো-মাংস নিষিদ্ধকৰণৰ প্ৰসংগত সৰৱ ভূমিকা গ্ৰহণ কৰা নাই ভূপেন বৰাই৷ ৰাজ্যৰ বিৰোধী দলৰ সভাপতি হিচাপে যেনেদৰে তেওঁ সক্ৰিয় হ’ব লাগিছিল তেনেদৰে হোৱা নাই৷
কিন্তু গৰু ৰাজনীতিত যে ৰকিবুলৰ ৰাজনৈতিক কেৰিয়াৰৰ আধ্যা পৰিল সেয়াও নিশ্চিত হৈ পৰিছে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email