আচলতে কথাটো কি?

দুখন ফটোৱে আমাক বিমোৰত পেলাইছে
ৰাইজকো আচৰিত কৰিছে এই দুখন ফটোৱে
ইয়াৰে প্ৰথমখনো ফটো হৈছে চিলাপথাৰৰ৷ ধেমাজিৰ এই ব্যস্ত চহৰখনত আছে এটা টেক্সিষ্টেণ্ড৷ ৰে’ল ষ্টেশ্যনৰ বাবে ব্যস্ততা বঢ়া চিলাপথাৰৰ পৰা যাত্ৰী টেক্সি লৈ প্ৰায়ে অৰুণাচললৈ যায়৷
কিন্তু এই কথাটোৱেই এতিয়া খেলিমেলি লগাইছে৷ কাৰণ চিলাপথাৰ টেক্সি চালক সন্থাই প্ৰস্তুত কৰা ৰচিদত ভুল হৈ আছে এটা বিশেষ শব্দ৷ তেওঁলোকে টেক্সিৰ সলনি লিখিছে চেক্সী বুলি৷
গতিকে আমাৰো সন্দেহ হৈছে৷ চিলপথাৰৰ টেক্সি ষ্টেণ্ডত আচলতে গাড়ী আছেনে নাই বুলি সন্দেহো নোহোৱা নহয়৷
আনখন ফটো হৈছে মাজুলীৰ৷ সত্ৰনগৰীত অলপতে হৈছিল মিউজিক ফেষ্টিভেল৷ তেতিয়া অনুষ্ঠানৰ গে’টত লগোৱা হৈছিল বিশাল প’ষ্টাৰ৷
য’ত আছিল মদৰ কোম্পানী ৰয়েল ষ্টেগৰ নাম৷ কিন্তু মাজুলীত সুৰা নাপায়৷ সত্ৰনগৰী সুৰামুক্ত৷ গতিকে সেই কথাটোকলৈয়ো ৰাইজ বিমোৰত পৰিছে৷
সুৰামুক্ত মাজুলীত মদৰ কোম্পানীৰ পইচাৰে কোনোবাই পাতিছে মিউজিক ফেষ্টিভেল৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email