হিন্দু নগাৰ প্ৰিয় মাংস কি?

আন ৰাজ্যৰ কথা নকওৱেই
এইখন অসমত এনেকুৱা এডোখৰ ঠাই আছে য’ত হিন্দুৱে আজিৰ তাৰিখতো গৰু মাংস খায়। সেই ঠাই হৈছে ডিমা হাচাও জিলা।
এই জিলাখনৰ দ্বিতীয় বৃহৎ জনগোষ্ঠীটো হ’ল জেমি নগা। অৱশ্যে সকলো জেমি নগা হিন্দু নহয়৷ এই সম্প্ৰদায়টো দুটা ধৰ্মত বিভক্ত৷ হিন্দু জেমি নগা আৰু খ্ৰীষ্টান জেমি নগা।
এই হিন্দু জেমি নগাসকলেই গো-মাংস ভক্ষণ কৰে৷ তেওঁলোকে লুকাই-চুৰকৈ গৰু নাখায়৷ পাহাৰত হিন্দু নগাই মুকলিকৈয়ে ভক্ষণ কৰে গো-মাংস৷
হিন্দু জেমি নগাসকলে গো-মাংস যে ভক্ষণ কৰে সেই কথা সৰ্বজনজ্ঞাত। হাফলঙত নিয়োজিত RSSৰ জিলা প্ৰধানেও এই কথাটো জানে৷ RSSয়ে চেষ্টা কৰিও হিন্দু জেমি নগাসকলৰ গো-মাংস ভক্ষণ বন্ধ কৰিব পৰা নাই৷
আনহাতে সমজুৱাকৈ অসমত গো-মাংস ভক্ষণ নিষিদ্ধকৰণৰ ফলত অৰ্থনীতি প্ৰত্যক্ষভাৱে প্ৰভাৱিত হ’ব৷ কাৰণ ইতিমধ্যে গো-হত্যাত জাৰি কৰা হৈছে বিভিন্ন চৰকাৰী নিষেধাজ্ঞা৷ তাৰ পিছত এতিয়াৰ বাধাৰ পৰিপ্ৰেক্ষিতত গো-মাংস খোৱাসকলে ছিলঙলৈ ঢাপলি মেলিব৷
ছিলঙৰ গো-মাংসৰ বিপণীত এতিয়াৰ পৰা বাঢ়িব ভিৰ৷ অৰ্থাৎ অসমৰ ভোজনবিলাসীয়ে খাব ছিলঙৰ লোভনীয় বিফ ষ্টীক৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial