সদায় ৰাতি যায় গৰুভৰ্তি ট্ৰাক

অসমত গৰু মাংস নিষিদ্ধ কৰা হ’ল
কিন্তু মেঘালয়ত মাংস খোৱাৰ বাবে গৰু অসমেই যোগান ধৰে
অপ্ৰিয় হ’লেও এই কথা সত্য
খ্ৰীষ্টান ৰাজ্য মেঘালয়ত মাংস বাবে প্ৰয়োজনীয় গৰুৰ ৮০ শতাংশ চিলাপথাৰৰ পৰা যায়৷ আমি লাভ কৰা খবৰ অনুসৰি অসমৰে তিনি দালালৰ জৰিয়তে চিলাপথাৰত গৰু গোটোৱা হয়৷ সেইবোৰ কণ্টেইনাৰ ট্ৰাকত প্ৰতিদিনে যোৰাবাটলৈ পঠিওৱা হয়৷
দালালে নিয়োগ কৰা এজেণ্টে গৰু কিনি চিলাপথাৰত গোটাই থয়৷ সেইবোৰ প্ৰতিনিশা ট্ৰাকত উঠোৱা হয়৷
এই কাণ্ড যোৱা দুবছৰে চলি আছে৷ কণ্টেইনাৰ ট্ৰাকত নিয়া গৰু পুৱা বৰ্ণিবাৰীত আনলোড কৰা হয়৷ তাৰ পিছত ডাউকী সীমান্তৰে বাংলাদেশলৈয়ো পঠিওৱা হয় অসমৰ গৰু৷
অৰ্থাৎ অসমত গৰু মাংস নিষিদ্ধ হ’লেও অসমৰ গৰুৱেই খাদ্যৰ বাবে যোগান ধৰা হয়৷
প্ৰতিখন ট্ৰাকৰ বাবে দালালে ২৫ হাজাৰ টকাপৰ্যন্ত সংগ্ৰহ কৰে৷ সেই হিচাপে দালালৰ দৈনিক উপাৰ্জনেই লক্ষাধিক টকা৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial