নহ’লে কিন্তু হ’ব সৰ্বনাশ

ধূমপানৰ অভ্যাস এৰক নহ’লে বেছি দাম ভৰি চিগাৰেট খাবলৈ সাজু হওক পাৰিলে আজিয়েই ত্যাগ কৰক ধূমপানৰ অভ্যাস কাৰণ কিছুদিনৰ পিছতে বাঢ়িব চিগাৰেটৰ দাম৷ এতিয়াৰ তুলনাত প্ৰায় দুগুণ হ’বগৈ পাৰে চিগাৰেটৰ দাম বৰ্তমান ৮ টকাতে পোৱা ফ্লেকৰ দাম হ’বগৈ পাৰে ১৫ টকা গ’ল্ডফ্লেকো ২০ টকাত কিনি খাবলগীয়া হ’ব পাৰে ধূম্ৰপায়ীয়ে৷ ২১ ডিচেম্বৰৰ ভিতৰতে চিগাৰেটৰ দাম বৃদ্ধি অনিবাৰ্য হৈ পৰিছে কাৰণ চিগাৰেটত GSTৰ পৰিমাণ বৃদ্ধি কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে৷ অৱশ্যে কেৱল চিগাৰেটেই নহয়, ক’ল্ড ড্ৰিংকতো GST বঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে বৰ্তমান চিগাৰেট আৰু ক’ল্ড ড্ৰিংকত GSTৰ পৰিমাণ হৈছে ২৮ শতাংশ৷ কিন্তু কিছুদিনৰ ভিতৰত এই পৰিমাণ ৩৫ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে৷ সিদ্ধান্ত অনুসৰি কিছুদিনৰ ভিতৰতে চিগাৰেটৰ টেক্স ৩৫ শতাংশ হ’বগৈ তেতিয়া স্বাভাৱিকভাৱে দাম বাঢ়িব চিগাৰেটৰ৷ একেদৰে জোতা আৰু হাতঘড়ীৰো দাম বাঢ়িব৷ কিন্তু কমিব পানীৰ বটলৰ দাম৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email