ভংগ হোৱা অসম সন্মিলিত মৰ্চা পুনৰ গঠনৰ অৰ্থে আকৌ বহিব বিৰোধী দল৷ অখিল গগৈয়ে বিহ উগাৰি থকাৰ সময়ত পুনৰাই আৰম্ভ হৈছে মিত্ৰতাৰ প্ৰক্ৰিয়া৷
শেহতীয়াকৈ মৰাণৰ তিলৈ গ্ৰাম্য বজাৰত সন্মিলিত মৰ্চা গঠনক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী সন্মিলিত মৰ্চাৰ সম্পাদক লুৰীণজ্যোতি গগৈয়ে৷ তেওঁ কিন্তু উপ-নিৰ্বাচনত ক্লীন ছুপৰ বাবে দোষাৰোপ কৰিলে কংগ্ৰেছক৷
কংগ্ৰেছৰ ভুলৰ বাবেই উপ-নিৰ্বাচনত বিৰোধী মৰ্চা ভংগ হোৱাৰ ফলত বিজেপি জিকিল বুলি অভিহিত কৰি লুৰীণে ৭ ডিচেম্বৰৰ বৈঠকৰ কথাও সদৰী কৰিছে৷ কিন্তু আমি লাভ কৰা খবৰ অনুসৰি ৭ ডিচেম্বৰত পুনৰ লিলি হোটেলত আয়োজন কৰা বৈঠকত অংশগ্ৰহণ নকৰে কেবাগৰাকী নেতাই৷ কেবাগৰাকী নেতা লিলি হোটেলৰ বৈঠকৰ পৰা আঁতৰি থাকিব বুলি আমি খবৰ লাভ কৰিছোঁ৷ সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি সন্মিলিত মৰ্চাৰ শীৰ্ষ নেতায়েই এই সবাত অংশ নলয়৷ কিন্তু অখিলৰ ভুলৰ দায়িত্ব গ্ৰহণ নকৰে বুলিও স্পষ্ট কৰি দিলে লুৰীণে৷ তেওঁ ক’লে যে কংগ্ৰেছ আৰু অখিল গগৈৰ বাক্যুদ্ধৰ বিষয়ে মই একো ক’ব নোৱাৰোঁ৷