ইফালে খান্দি শেষ কৰিলে চাওক

গাহৰি মাংসৰে বৰভোজ খাই চ্যুকাফাক স্মৰণ কৰিলে
বেয়া নাপাব ৰাইজ
সঁচা কথাটোৱেই কৈ দিছোঁ
অসম দিৱসৰ নামত বেছিভাগ ঠাইতে হ’ল সাজ আৰু গাহৰি মাংসৰ ভোজ
কিয় বিশেষ দিনটোত আমি চলাইছিলোঁ অপাৰেশ্যন পাটকাই পৰ্বত৷ সোণৰ জখলাৰে যি পাটকাই পৰ্বত পাৰ হৈ চ্যুকাফাই অসমৰ ভূমিত প্ৰৱেশ কৰিছিল তাতে আমি উপস্থিত হৈছিলোঁ৷
কিন্তু বহু লোক সাজ আৰু গাহৰি মাংস খোৱাতে ব্যস্ত থকা সময়ত আমি দেখিছিলোঁ পাটকাইৰ বিধ্বস্ত অৱস্থা৷
আচলতে পাটকাই পৰ্বত অঞ্চলৰ প্ৰাকৃতিক গঠন হৈছে জোঙা আকৃতিৰ৷ পাটকাই পৰ্বতৰ ভূপৃষ্ঠৰ উপৰিভাগ যেনেদৰে জৈৱ-বৈচিত্ৰৰে চহকী৷ একেদৰে ভূগৰ্ভও হৈছে কয়লাৰ অসীম ভাণ্ডাৰ৷
সেই কয়লাৰ লোভতে চ্যুকাফাই ভৰি থোৱা পাটকাই পৰ্বতমালা খান্দি ক্ষত-বিক্ষত কৰি পেলোৱা হ’ল। বৰ্তমান পৰিস্থিতি আৰু অধিক শোচনীয় হৈছে৷
পাটকাই পৰ্বত ভ্ৰমণ পৰিদৰ্শন কৰি আমি অনুভৱ কৰিলোঁ পৰিস্থিতিৰ ভয়াৱহতা৷
চ্যুকাফাই সোণৰ জখলাৰে পাৰ হোৱা পাটকাই পৰ্বতত অসম দিৱসতো চলি আছিল জেচিবি৷ গতিকে গাহৰি মাংসৰে ভোজ পাতি, হেংদাং লৈ লাচিতৰ ভাও দিয়াৰো আচলতো অৰ্থ নাই৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial