অহা বাৰিষাত উটি যাব ধেমাজি-লখিমপুৰৰ মানুহ
কিন্তু গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত আৰম্ভ হ’বই শক্তি উৎপাদন৷ দশকজোৰা প্ৰতিবাদক নস্যাৎ কৰি NHPCয়ে নিৰ্মাণ কৰা বান্ধটোত ২০২৫ৰ মাৰ্চ-এপ্ৰিল মাহতে বিদ্যুৎ উৎপাদিত হ’ব৷ প্ৰতিটো বাৰিষাতে উত্তৰ অসমত ত্ৰাসৰ সৃষ্টি কৰা প্ৰকল্পৰ কাম প্ৰায় শেষ হৈছে৷
শেহতীয়াকৈ ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগমৰ কাৰ্যবাহী সঞ্চালকে জনোৱা মতে অহা বছৰৰ মাৰ্চৰ ভিতৰত ২৫০ মেগাৱাটকৈ মুঠ তিনিটা গোট উৎপাদনক্ষম কৰি তোলা হ’ব। অৰ্থাৎ প্ৰাৰম্ভিক পৰ্যায়ত প্ৰকল্পটোৰ পৰা ৭৫০ মেগাৱাট বিদ্যুৎ উৎপাদন হ’ব।
ইয়াৰ বাবে ৩,০০০ কৰ্মীয়ে অহৰ্নিশে কাম-কাজ অব্যাহত ৰাখিছে৷ এই কাৰ্যাৱলীৰ প্ৰায় ৯৫-৯৬% ইতিমধ্যে সম্পূৰ্ণ হৈছে। প্ৰকল্পৰ মুৰব্বীয়ে জনোৱা অনুসৰি ইয়াৰ পৰা মুঠ উৎপাদন হ’ব ২,০০০ মেগাৱাট শক্তি৷ ইয়াৰে ৫৩৩ মেগাৱাট বিদ্যুৎ অসমে লাভ কৰিব৷
অৱশিষ্ট ২৭৪ মেগাৱাট অৰুণাচল প্ৰদেশক, ১৯৮ মেগাৱাট উত্তৰ-পূবৰ অন্যান্য ৰাজ্যকেইখনক, ৩৮৭ মেগাৱাট হাৰিয়ানা, পঞ্জাব, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু চণ্ডীগড়ক, ৬১৩ মেগাৱাট মেগাৱাট গুজৰাট, মধ্যপ্ৰদেশ, ছত্তিশগড়, মহাৰাষ্ট্ৰ তথা গোৱালৈ প্ৰেৰণ কৰা হ’ব।
পূৰ্ণ উৎপাদনক্ষম হ’লে প্ৰকল্পটোৱে বছৰি ৪,০০০ কোটি টকা ৰাজহ উপাৰ্জন কৰিব। এই প্ৰকল্প প্ৰায় সমাপ্ত হোৱাৰ পিছত সোৱণশিৰি নদীত ১,৬৫০ আৰু ১,৭১০ মেগাৱাটৰ আন দুটা প্ৰকল্পৰ বাবেও DPR প্ৰস্তুত হৈ উঠিছে বুলি ৰাষ্ট্ৰীয় জল শক্তি নিগমে সদৰী কৰিছে৷
কিন্তু অৰুণাচলে পালেও এই প্ৰকল্পৰ পৰা অসমে ৰেহাই দামত শক্তি লাভ নকৰে৷ শেহতীয়া খবৰ অনুসৰি ২৫ মেগাৱাট শক্তি NHPCয়ে অসমক বিনামূল্যে দিব৷ পিছে অৱশিষ্ট মেগাৱাট বজাৰ দৰতে পাৱাৰগ্ৰীডৰ পৰা ক্ৰয় কৰিব লাগিব৷ কিন্তু অৰুণাচলে বিনামূল্যে পাব শক্তি৷