কৰিবই লাগিব, কঠোৰ নিৰ্দেশ

ধৰ্মৰ পৱিত্ৰতা নষ্ট কৰিছিল৷ সেয়ে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীক শৌচাগাৰ চাফাই কৰাৰ শাস্তি বিহিলে পঞ্জাবৰ আকাল তখটে (এইটো তখ্ট পঢ়িব)৷ শিখসকলৰ সৰ্বোচ্চ ধৰ্মীয় সংস্থাটোৱে ভূতপূৰ্ব উপ-মুখ্যমন্ত্ৰী সুখবীৰ সিং বাদলক অমৃতসৰৰ স্বৰ্ণমন্দিৰৰ উপৰি কেবাটাও গুৰুদ্বাৰত শ্ৰমদান কৰিবলৈ নিৰ্দেশ দিছে৷
সমস্ত ঘটনাক্ৰমৰ সৃষ্টি হৈছে বিতৰ্কিত ধৰ্মগুৰু বাবা ৰাম ৰহিমৰ বাবে৷ বলাৎকাৰৰ অপৰাধত কাৰাবন্দী ৰহিমে ২০১৫ চনত শিখসকলৰ পৱিত্ৰ গুৰু গ্ৰন্থ চাহিবৰ পৱিত্ৰতা নষ্ট কৰাৰ অভিযোগ উঠিছিল৷ তেতিয়া আকৗ শাসনত আছিল সুখবীৰ সিং বাদল নেতৃত্বাধীন শিৰোমণি আকালী দল৷
সেই সময়ত চৰকাৰে অপৰাধী ৰাম ৰহিমক সুৰক্ষা দিয়াৰ অভিযোগ উঠিছিল৷ গতিকে বহুদিনীয়া অনুসন্ধানৰ পিছত কেইমানমান পূৰ্বে তেতিয়াৰ উপ-মুখ্যমন্ত্ৰী সুখবীৰ সিং বাদলক আকাল তখটে অপৰাধী হিচাপে ঘোষণা কৰিলে৷ তদুপৰি তেওঁৰ প্ৰয়াত পিতৃ তথা তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলকো দোষী স্যবস্ত কৰা হ’ল৷
গতিকে আকাল তখটে প্ৰয়াত নেতাজনৰ পৰা কাঢ়ি ল’লে ফখৰ-ঈ-কুৱাম অৰ্থাৎ শিখধৰ্মীৰ গৌৰৱৰ খিতাপ৷ আজি ধৰ্মীয় সংস্থাটোৱে দিয়া ৰায় অনুসৰি ভুলৰ প্ৰায়শ্চিত্ত হিচাপে প্ৰতাপী নেতা সুখবীৰ সিং বাদলে গুৰুদ্বাৰৰ শৌচাগাৰ আৰু আখল পৰিষ্কাৰ কৰিব লাগিব৷ ইতিমধ্যে বাদলে নি:চৰ্ত ক্ষমা প্ৰাৰ্থনা কৰিছে যদিও সন্তুষ্ট হোৱা নাই আকাল তখট৷
গতিকে শিৰোমণি আকালী দলৰ সভাপতি হিচাপেও তাক্ষণিকভাৱে পদত্যাগৰ নিৰ্দেশ দিছে৷ এতিয়া দলটোৱে অহা ছমাহৰ ভিতৰত কৰ্ণধাৰৰ পুন:গঠন কৰিব লাগিব৷ প্ৰায় ১০ বছৰ পঞ্জাব শাসন কৰা সুখবীৰ সিং বাদল পিছে বৰ্তমান অসুস্থতাৰ বাবে পংগু৷ হুইল চেয়াৰতহে ইঠাৰ পৰা সিঠাইলৈ যোৱাৰ পিছতো তেওঁক আকাল তখটে ক্ষমা নকৰিলে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email