বাংলাদেশ চৰকাৰে কোনো ভুল কৰা নাইদেশখনত গ্ৰেপ্তাৰ কৰা পুৰোহিত চিন্ময় কৃষ্ণদাস ব্ৰহ্মচাৰীৰ সৈতে
ইস্কনৰো সম্পৰ্ক নাই বৰ্তমান ইস্কনৰে এটা সূত্ৰই প্ৰকাশ কৰিছে চিন্ময় কৃষ্ণদাসৰ অপৰাধৰ কথা প্ৰাপ্ত তথ্য অনুসৰি জুলাইতে চিন্ময় কৃষ্ণদাসক ইস্কনৰ পৰা বহিষ্কাৰ কৰা হৈছিল কাৰণ তেওঁ বাংলাদেশত সংঘটিত কৰিছিল অপৰাধ বাংলাদেশৰ পতাকাৰ সৈতে গেৰুৱাপতাকাও চিন্ময়ে উত্তোলন কৰিছিলতদুপৰি তেওঁৰ বিৰুদ্ধে দেশখনত ৰুজু হৈ আছে কেবাটাও গোচৰউত্তেজনাপূৰ্ণ ভাষণ প্ৰদানৰ অভিযোগতো চিন্ময় কৃষ্ণদাস ব্ৰহ্মচাৰী অভিযুক্ত সাম্প্ৰদায়িক সংহতি বিনষ্ট কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে পূৰ্বেও গোচৰ তৰা হৈছিল বিগত সময়ত ভাৰতীয় সেনাক বাংলাদেশত প্ৰৱেশৰ বাবে চিন্ময় কৃষ্ণদাসে আহ্বান জনাইছিল বাংলাদেশ দখল কৰিবলৈ ভাৰতীয় সেনাক আহ্বান জনাই ভাষণো দিছিল কৃষ্ণদাসে৷ সেই অভিযোগতহেতেওঁক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ কৰ্মকাণ্ডৰ দায়িত্ব নলয় বুলিও স্পষ্ট কৰি দিছে ইস্কনে৷