ক্ৰিকেট কেৰিয়াৰৰ ইতিমধ্যে সামৰণি পৰিছে মহম্মদ ছামীৰ৷ আঘাতে জৰ্জৰিত কৰা ছামীয়ে আৰু কেতিয়াও খেলিব নোৱাৰে ক্ৰিকেট৷ গোৰোহাৰ আঘাতৰ পৰা সুস্থ হৈ ফিল্ডলৈ প্ৰত্যাৱৰ্তন কৰা ছামীয়ে আকৌ কৰিছিল বলিং৷ ক্ৰমে তেওঁ ঘূৰাই পাইছিল ছন্দ৷
কিন্তু ছন্দোময় হৈ পৰাৰ সসয়তে ছামী বাগৰি পৰিল৷ বিষালী ভৰিতে আকৌ দুখ পালে ভাৰতৰ ৱৰ্ল্ডকাপ হিৰ’ ছামীয়ে৷
ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত খেলিবলৈ প্ৰস্তুতি চলাই থকা ছামীয়ে ছৈয়দ মুস্তাক আলী টুৰ্নামেণ্টত অংশগ্ৰহণ কৰিছে৷ ঘৰুৱা দল পশ্চিমবংগৰ হৈ তেওঁ খেলি আছে মুস্তাক আলি টুৰ্নামেণ্ট৷
পিছে মধ্যপ্ৰদেশৰ বিৰুদ্ধে মেচখনৰ সময়তে ছামীৰ আকৌ অথন্তৰ ঘটিল৷ বলিঙৰ বাবে ৰন-আপৰ সময়তে ছামী ক্ৰীজত বাগৰি পৰিল৷
বৰ্তমান ছামীক আঘাতগ্ৰস্ত বুলি টীম মেনেজমেণ্টে সদৰী কৰিছে৷ আঘাতৰ বাবে জিৰনি দিয়া হৈছে মহম্মদ ছামীক৷ ছুইঙৰ সম্ৰাট ছামীৰ ভৰিৰ আঘাতৰ বাবে আকৌ প্ৰয়োজন হ’ব পাৰে অস্ত্ৰোপচাৰৰ৷
সেয়ে তেওঁক ততালিকে দলৰ শিবিৰৰ পৰা প্ৰেৰণ কৰা হৈছে৷ অপাৰেশ্যনৰ বাবে ছামী শীঘ্ৰে ইংলেণ্ডলৈ ৰাওনা হোৱাৰ কথা প্ৰকাশ কৰিছে টীম মেনেজমেণ্টে৷