দেখিও নেদেখাৰ ভাও

দেখিও নেদেখাৰ ভাও জুৰিছে আৰক্ষীয়ে, কিন্তু এফালৰ পৰা সকলো মন্দিৰ ধ্বংস কৰিছে ইছলামিক মৌলবাদীয়ে৷ প্ৰতিজন হিন্দুকে শত্ৰুজ্ঞান কৰিছে বাংলাদেশৰ মুছলমানে৷
তদাৰকী শাসক মহম্মদ ইউনুছৰ নিৰ্লিপ্ততাৰ ফলত সনাতন ধৰ্মীৰ বাবে বধ্যভূমিলৈ পৰ্যৱসিত হোৱা ৰাষ্ট্ৰখনত বিনাশ হৈছে ইটোৰ পিছত সিটো প্ৰাচীন মন্দিৰ৷ শেহতীয়াকৈ চিটাগঙত কেবাজনো হিন্দু নাগৰিকৰ মৃত্যুৰ খবৰ দিছে সমৰ্থিত সংবাদ মাধ্যমে৷
প্ৰকাশিত বাৰ্তা অনুসৰি জিলাখনৰ ৰাধা-গোবিন্দ মন্দিৰত প্ৰথমে মুছলমান মৌলবাদীয়ে আক্ৰমণ কৰিছিল৷ তেতিয়া স্থানীয় লোকে আৰক্ষীক দিছিল অভিযোগ৷ কিন্তু প্ৰশাসনীয় অসহযোগিতাৰ ফলত অধিক উগ্ৰ হৈ পৰিছে ইছলামিক দুৰ্বৃত্ত৷ তাৰ পিছতে মৌলবাদীয়ে শান্তানেশ্বৰী মাতৃ মন্দিৰতো আক্ৰমণ কৰিলে৷
এই দুয়োটা ঘটনাৰ সৈতে জামাত-ই-ইছলামী আৰু বেগম খালেদা জিয়াৰ বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টীৰ উগ্ৰ সমৰ্থক জড়িত বুলি প্ৰকাশ কৰিছে নিৰ্যাতিত হিন্দুৱে৷ অভিযোগ অনুসৰি শ শ ঘৰো জ্বলাই দিছে মুছলমান দুৰ্বৃত্তই৷ কিন্তু অভিযোগৰ পিছতো কোনো ব্যৱস্থাই গ্ৰহণ নকৰে স্থানীয় প্ৰশাসনে৷
ফলত স্বদেশতে বাংলাদেশী হিন্দু হৈ পৰিছে অঘৰী৷ তেওঁলোকৰ বাবে এতিয়া নাই সুৰক্ষিত নিৱাস৷ আহাৰ বিচাৰিও হাবাথুৰি খাবলগীয়া হৈছে বাংলাভাষী হিন্দুৱে৷ ভাষাৰ ঐক্যৰে গৌৰৱবোধ কৰা হিন্দুসকলে হাতৰ মুঠিত জীউ লৈ ঘূৰি ফুৰিছে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email