ডাক্টৰ নহ’ব ৰাইজ

দুটা কথা বৰকৈ ওলাই আছে এটা হৈছে লখিমপুৰত ২৭ বাৰ কোবাইহে গেষ্ট্ৰিকৰ টেবলেট ভাঙিব পৰাৰ বাতৰি কিন্তু সেই খবৰটো কেৱল ভুলেই নহয়, মূৰ্খামীও কথাটো হৈছে পেণ্টাপ্ৰাজল জাতীয় দৰৱক বিজ্ঞানৰ ভাষাত প্ৰ’টিন পাম্প ইনহিবিটেটৰ বা PPI বুলি কোৱা হয়৷ এই টেবলেট পানীয়ে সহজে গলাব নোৱাৰে তদুপৰি যদি পেটৰ ভিতৰতো এচিডিক উপকৰণৰ বাহিৰে আন কাৰণত টেবলেটবিধ গলি যায় তেন্তে ৰোগ উপশম নহয় সেয়ে PPI টেবলেট কঠিনতাৰে কোটিং কৰা থাকে৷ যাৰ বাবে ২৭ বাৰ খুন্দিয়াইহে টেবলেটবিধ ভাঙিব পৰাটো ডাঙৰ কথা নহয়৷ কেৱল হাইড্ৰ’ক্লৰিক এচিডেহে PPI টেবলেট গলাব পাৰে দ্বিতীয়তে নৱজ্যোৎ সিং সিদ্ধুৰ পত্নীৰ কেন্সাৰ নিৰাময়ৰ কথা৷ তেওঁ যি উপায়ৰ কথা কৈছে সেই চিকিৎসা পদ্ধতি হিতে বিপৰীত হ’ব পাৰে এজন কেন্সাৰ ৰোগীয়ে জনোৱা অনুসৰি পূৰ্বে তেওঁ হালধি আৰু নিমপাত খাইছিল৷ কিন্তু হালধিয়ে ৰক্তক্ষৰণ বৃদ্ধি কৰিলে৷ গতিকে সাৱধান, নিজেই নিজৰ ডাক্টৰ নহ’ব লোকচান নিজৰহে হ’ব ডাক্টৰৰ নহয়

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email