মাহবুবুল হকে যি মন যায় তাকে কৰিব নোৱাৰিব

ফ্লাড জেহাদৰ কথা আমি নাজানো কিন্তু হেডলাইন জেহাদ ঠিকেই কৰি আছে মাহবুবুল হকে৷ USTMৰ চেঞ্চেলৰ হকে প্ৰচাৰ জেহাদ আৰম্ভ কৰিছে লোহা গৰম হৈ থাকোতেই কোবাই কেনেকৈ লাভ আদায় কৰিব পাৰি সেই কৌশল ভালদৰেই জানে মাহবুবুল হকে সেয়ে নিৰ্যাতিত ছাত্ৰ জ্ঞানদীপ হাজৰিকাকো তেওঁ পাতিলে USTMৰ ছেকশ্যন অফিচাৰ কিন্তু এইখিনিতে চেঞ্চেলৰ হকে এটা ভুল কৰি পেলালে UGCৰ গাইডলাইন অনুসৰি স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ ছেকশ্যন অফিচাৰৰ কাম হৈছে শ্ৰেণীসমূহৰ সচিবৰ দৰে এই পদত নিযুক্তিৰ অৰ্হতা হৈছে স্নাতক৷ দ্বিতীয় শ্ৰেণীত যিকোনো বিভাগৰ পৰা গ্ৰেজুৱেট হ’লেই ছেকশ্যন অফিচাৰ হ’ব পাৰি লগতে কম্পিউটাৰ আৰু কিছু দক্ষতাৰ আৱশ্যক৷ কিন্তু UGCৰ গাইলাইন অনুসৰি ছেকশ্যন অফিচাৰ হ’বলৈ প্ৰাৰ্থীৰ ৮ বছৰৰ কৰ্মৰ অভিজ্ঞতা থাকিব লাগিব কথাটো হৈছে, জ্ঞানদীপৰ ৮ বছৰৰ অভিজ্ঞতা নাই৷ গতিকে তেওঁক নিযুক্তি প্ৰদানৰ অধিকাৰো মাহবুবুল হকৰ নাই ব্যক্তিগত বিশ্ববিদ্যালয় হ’লেও USTMত চেঞ্চেলৰ হকে যি মন যায় সেয়াই কৰিব নোৱাৰে UGCৰ নিৰ্দেশনা অনুসৰিয়েই তেওঁ কাম কৰিব লাগিব গতিকে প্ৰচাৰৰ লোভত তেওঁ যি কৰিছে সেয়া হৈছে আইন বিৰোধী

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial