মজুৰীও নিদিলে কংগ্ৰেছীয়ে

কংগ্ৰেছে ভাল কামেই কৰিছে, পিছে কংগ্ৰেছীয়েহে দুইনম্বৰী কৰিছে৷
দলটোৱে শেহতীয়াকৈ প্ৰকাশ কৰিছে কংগ্ৰেছ দৰ্পণ নামৰ এখন পষেকীয়া পত্ৰিকা৷ দলীয় কাম আৰু চৰকাৰৰ অপকৰ্মৰ খাতিয়ানেৰে ৰাজীৱ ভৱনৰ পৰা টেবলয়ডখন প্ৰকাশ কৰা হৈছে৷
কংগ্ৰেছ দৰ্পণৰ প্ৰকাশৰ দায়িত্বত আছে সৌসিদিনালৈ সংবাদ মাধ্যমৰ সৈতে জড়িত দুজন কংগ্ৰেছী৷ অৱশ্যে এজনহে বিশেষকৈ কংগ্ৰেছ দৰ্পণৰ কাম চম্ভালিছে৷
বিগত সময়ত সফল মন্ত্ৰী হিচাপে স্বীকৃতি পোৱা এজন প্ৰয়াত কংগ্ৰেছীৰ লিকচৌ হিচাপে দলত প্ৰৱেশ কৰা সেইজন প্ৰাক্তন সাংবাদিকে কংগ্ৰেছ দৰ্পণত লিখিছে তত্ত্বগধুৰ নিবন্ধ৷
কিন্তু সেইখনৰ সৈতে জড়িত কোনোৱেই পইচা পোৱা নাই৷ DTP অথবা প্ৰুফ ৰিডাৰকো সেইজন মুখপাত্ৰই প্ৰাপ্য ধন নিদিয়ে৷
জু-ৰোডৰ প্ৰেছত ছপা কৰা কংগ্ৰেছ দৰ্পণৰ বাবে প্ৰুফ ৰিডাৰক বিনামূল্যে বানান শুদ্ধ কৰিবলৈ তেওঁ বাধ্য কৰাইছে৷ একেদৰে DTP অপাৰেটৰেও ফুটাকঢ়িও পোৱা নাই৷
প্ৰফুল্ল বদনেৰে ফ্ৰীতে কাম কৰোৱা নেতাজনে কিন্তু দলৰ পুঁজিৰ পৰা কংগ্ৰেছ দৰ্পণৰ বাবে ধন আদায় কৰিছে৷ কিন্তু আনৰ পইচাহে তেওঁ কাঢ়ি লৈছে৷
এইসকল লুভীয়া নেতায়েই চলাইছে কংগ্ৰেছ৷ এনেদৰেই চলি আছে ৰাজীৱ ভৱন৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email