কি আশা অপূৰ্ণ হৈ আছিল মালাইকা আৰোৰাৰ?
অৰ্জুন কাপুৰক ঘূৰাই পোৱাৰ আশীৰ্বাদ বিচাৰিলে নেকি মালাইকাই?
কোনেও ঘূণাক্ষৰেও গম নোপোৱাকৈ কামাখ্যা দৰ্শন কৰি গ’ল মালাইকা আৰোৰাই৷ মালাইকাই পুত্ৰৰ সৈতে দৰ্শন কৰিলে কামাখ্যা ধাম৷
কিন্তু প্ৰশ্ন উঠিছে কিয় হঠাতে মন্দিৰ দৰ্শনৰ ইচ্ছা কৰিলে মালাইকাই৷ অৰ্ধ বসনা হৈ জিমলৈ যোৱাৰ পিছত মালাইকা হঠাতে অসম অভিমমুখী বিমানত বহিল৷
এই সন্দৰ্ভত কিন্তু বলিউডী পত্ৰিকাত ওলাইছে ভিন্ন সংবাদ৷ খবৰ অনুসৰি মালাইকা বিচ্ছেদৰ পিছত অৰ্জুন কাপুৰৰ বাবে হৈ উঠিছে ব্যাকুল৷
অৰ্জুনক ঘূৰাই পোৱাৰ বাবে মালাইকাই ভগৱানক স্তুতি কৰিছে৷ সিদিনা পুনৰ অৰ্জুনৰ ঘৰলৈয়ো গৈছিল মালাইকা৷ কিন্তু অৰ্জুনে প্ৰেম নিবেদন নকৰিলে তেওঁক৷ তাৰ সলনি অপমান কৰিহে খেদি দিলে মালাইকাক৷
লিভিং টুগেদাৰৰ সময়ত মৰমৰ ওপচাই ৰখা মালাইকাক অপমান কৰিলে অৰ্জুনে৷ সেয়ে দুখিত হৈ পৰিছে মালাইকা৷ যাৰ বাবে হঠাতে তেওঁ দৰ্শন কৰিছে কামাখ্যা৷
মৰম আকলুৱা সুন্দৰীয়ে কামাখ্য্যা দৰ্শন কৰি আকৌ বিচাৰিলে প্ৰেমিকক৷ এতিয়াও বিৰহ বেদনাই দুখিত কৰি ৰখা সুন্দৰীয়ে বিচাৰিলে ভগৱানৰ আশিস৷