মঠ-মন্দিৰত সোমালেই আপুনি দেখে জাকে জাকে হাঁহ৷ অসমৰ সকলো মন্দিৰতে এপাল হাঁহ ঘূৰি ফুৰাৰ দৃশ্য সকলোৰে পৰিচিত৷ মন্দিৰৰ হাঁহে প্ৰায় ধকল কৰে ৰাজপথ৷ শিৱ মন্দিৰ বা আন সকলো ধৰ্মীয় স্থানতে ভক্তই দান দিয়া হাঁহ চৰি ফুৰাৰ দৃশ্য অসমত সূলভ৷ কিন্তু আচৰিতভাৱে বৰ্তমান অন্তৰ্ধান হৈছে হাঁহবোৰ৷ অসমৰ কেবাটাও মন্দিৰৰ পৰা হাঁহ চুৰি হোৱাৰ খবৰ আহিছে৷ সংশ্লিষ্ট সূত্ৰই প্ৰকাশ কৰা অনুসৰি গোলাঘাটৰ এটা মন্দিৰত হাঁহৰ সংখ্যা ক্ৰমে কমি আহিছে৷ চহৰখনতে চৰি ফুৰা হাঁহ নিশা চুৰি কৰিছে ড্ৰাগছ আসক্তই৷ একেদৰে শোণিতপুৰৰ মন্দিৰতো হাঁহৰ সংখ্যা হ্ৰাস পাইছে৷ জাক বান্ধি চৰি ফুৰা হাঁহৰ সংখ্যা এমাহৰ ভিতৰতে চকুত পৰাকৈ হ্ৰাস হৈছে৷ প্ৰথমে বেমাৰৰ বাবে হাঁহ মৰা বুলি মন্দিৰ কৰ্তৃপক্ষই সন্দেহ কৰিছিল৷ কিন্তু দিন যোৱাৰ লগে লগে ড্ৰাগছ আসক্তই যে হাঁহবোৰ চুৰি কৰিছে সেই তথ্য নিশ্চিত কৰিছে মন্দিৰ কৰ্তৃপক্ষই৷ আমি যোৰহাট, নগাঁও আদিৰ মন্দিৰৰ পৰাও হাঁহ চুৰি হোৱাৰ খবৰ লাভ কৰিছোঁ৷ সকলো ঠাইৰে কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি বজাৰত বেচিবলৈ নিচাসক্ত যুৱকে চুৰি কৰিছে মন্দিৰৰ হাঁহ৷