ৰাজনীতিৰ ৰহস্যময় চৰিত্ৰ অখিল গগৈ

মিত্ৰজোঁটৰ নেতাও অতিষ্ঠ হৈছে, তেওঁলোকেও বুজিব পাৰিছে- অখিল গগৈয়ে আচলতে কি বুজাবলৈ বিচাৰিছে
অসম সন্মিলিত মৰ্চাৰ অন্যতম কৰ্ণধাৰ হৈয়ো অখিল এবাৰো বিহালীলৈ নগ’ল৷ তাৰ সলনি তেওঁ আৰম্ভ কৰি দিলে এখন প্ৰক্সী যুদ্ধ৷
অখিলে ডিগবৈত মিটিং পাতি শেহতীয়াকৈ দাবী কৰি দিলে-ৰাইজৰ দলৰ সহায় নহ’লে কোনেও ২০২৬ত চৰকাৰ গঠন কৰিব নোৱাৰে৷
অৰ্থাৎ তেওঁ আকৌ হৈ পৰিল ৰাইজৰ দলৰ নেতা৷ অখিল বৰ্তমান অসম সন্মিলিত মৰ্চাৰ নেতা নহয়৷ অখিলে নিজেই ভাঙি পেলালে মিত্ৰজোঁট৷
একেদৰে এইবাৰ অখিলে লুৰীণজ্যোতিকে ফান্দত পেলাবলৈ আপ্ৰাণ চেষ্টা কৰি আছে৷ অসমৰ ৰাজনীতিৰ ৰহস্যময় চৰিত্ৰ অখিলে ৰাইজৰ ওচৰত কৈছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ একত্ৰিতকৰণৰ কথা৷ কিন্তু ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা অনুসৰি লুৰীণজ্যোতি একত্ৰিতকৰণৰ বাবে আগ্ৰহী নহয়৷
কিন্তু ভৱিষ্যতে যাতে ৰাজনৈতিক বদনাম মূৰ পাতি ল’বলগীয়া নহয় তাৰ বাবে অখিলে লুৰীণক বলিৰ পঠা সজাবলৈ বিচাৰিছে৷ নিজৰ উদ্দেশ্য সিদ্ধি কৰিবলৈ অখিলে লুৰীণক ব্যৱহাৰ কৰিছে৷ এই পৰিকল্পনাও কৰিছে এটা বিশেষ পক্ষই৷
সেই বিষয়ে সময়ত নিশ্চয় ফাদিল হ’ব সকলো গোপন তথ্য৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email