ইনষ্টাগ্ৰামত এতিয়াও চলিয়েই আছে দৰাৰ সুন্দৰী মাতৃৰ চৰ্চা৷ অৰুণিমা দত্ত নামৰ মহিলাগৰাকীৰ ৰূপে চুম্বকৰ আকৰ্ষিত কৰিছে সকলোকে৷ দৰাৰ মাক বুলি তেওঁক এতিয়াও ভাবি পৰা নাই বহুতে৷
যোগ প্ৰশিক্ষক অৰুণিমা অৱশ্যে এইবাৰেই ভাইৰেল হৈ পৰা নাই৷ পূৰ্বেও অসমত অৰুণিমা হৈ পৰিছিল ভাইৰেল ছেন্সেশ্যন৷
যোগাসনৰে লাহি শৰীৰৰ অধিকাৰী হোৱা অৰুণিমা হৈছে একালৰ মডেল৷ তেওঁ মিছেছ ইণ্ডিয়া ৱৰ্ল্ড প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল৷ ২০০৪ চনত সেই প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল কৰিছিল অসমৰ অৰুণিমাই৷
২০ বছৰৰ পূৰ্বে বিবাহিতা মহিলাৰ সৌন্দৰ্য প্ৰতিযোগিতাত অৰুণিমাই প্ৰথম ৰানাৰ-আপৰ খিতাপ অৰ্জন কৰিছিল৷ তেতিয়া কাকত আৰু আলোচনীত ওলাইছিল অৰুণিমাৰ সৌন্দৰ্যৰ কথা৷ তেওঁৰ ফটোৱে ক’ভাৰ শুৱনি কৰিছিল কেবাখনো মেগাজিনৰ৷
এইগৰাকী মহিলা ২০ বছৰৰ পিছত আকৌ ভাইৰেল হৈ পৰিল৷ বহুতে তেওঁক এতিয়া শ্ৰদ্ধা কাপুৰতকৈয়ো ধুনীয়া বুলি কৈ ইনষ্টাগ্ৰামত আপলোড কৰিয়েই আছে ফটো৷
২০ বছৰেও অৰুণিমাৰ সৌন্দৰ্যৰ সলনি নহ’ল৷ বয়সে বেছি ধুনীয়াহে কৰিলে অৰুণিমাক৷ অসমৰ এজন চিনাকি উদ্যোগীৰ পত্নী অৰুণিমা আকৌ হৈ পৰিল ভাইৰেল ছেন্সেশ্যন৷