সীমা পাৰ হ’বলৈ খাপ পিটি আছে ১২০ উচ্চপ্ৰশিক্ষিত মুছলমান জেহাদী৷ আই এছ আয়ে অস্ত্ৰশিক্ষা দিয়া সন্ত্ৰাসবাদীয়ে ভাৰতত প্ৰৱেশৰ বাবে সুযোগৰ সন্ধানত ৰৈ আছে৷ ইয়াৰ ভিতৰত আছে অৰ্ধশতাধিক ফিদায়ে অৰ্থাৎ আত্মঘাতী বোমাৰু৷
মুঠ ১২০ সন্ত্ৰাসবাদীয়ে লঞ্চপেডৰ সমীপতে বাহৰ পতাৰ সবিশেষ সম্ভেদ উদ্ধাৰ কৰিছে গুপ্তচৰে৷ গৃহ দপ্তৰ মণিপুৰৰ অৰাজকতাক লৈ ব্যস্ত পৰাৰ সময়ত পাকিস্তানে যে সুযোগৰ সন্ধান কৰিছে সেয়াও স্পষ্ট কৰি দিছে নিৰ্ভৰযোগ্য তথ্যই৷ ঘটনাৰ বিৱৰণী অনুসৰি সন্ত্ৰাসবাদীক সীমান্ত পাৰ কৰোৱাত সহায়ৰ বাবেই কিছুদিনৰ পৰা উৎপাত বাঢ়িছে পাকিস্তানী সেনাৰ৷
এল অ’ চিত ক্ৰছফায়াৰ কৰি ভাৰতীয় সীমান্তৰক্ষীক শত্ৰুদেশৰ জোৱানে ব্যতিব্যস্ত কৰিছে৷ তদুপৰি বৰ্তমান কাশ্মীৰৰ পাহাৰীয়া সীমান্ত এলেকাত বাঢ়িছে তুষাৰপাত৷ যাৰ বাবে সুযোগ গ্ৰহণ কৰিছে পাকিস্তানী সন্ত্ৰাসবাদীয়ে৷ ওমৰ আব্দুল্লা মুখ্যমন্ত্ৰী হোৱাৰ পিছত কাশ্মীৰত বৰ্ধিত কূটাঘাত এনে তৎপৰতাৰে পৰিণতি বুলি প্ৰকাশ কৰিছে চোৰাংচোৱাই৷ খবৰ মৰ্মে আগতীয়াকৈ প্ৰৱেশ কৰা জেহাদীয়ে কাশ্মীৰত ৰক্তাক্ত পৰিস্থিতি সৃষ্টিৰ অপচেষ্টা চলাইছে৷
তাৰ পিছতে প্ৰৱেশৰ বাবে উদ্যত হৈছে ১২০ ফিদায়ে৷ বৰ্তমান নীলম ভেলি হৈ সন্ত্ৰাসবাদীয়ে প্ৰৱেশৰ চেষ্টা চলোৱা বুলি সদৰী কৰিছে গুপ্তচৰে৷ প্ৰতিবেদনৰ তথ্য অনুসৰি চাৰিটা লঞ্চপেডৰ কাষত ৰৈ আছে জেহাদী৷ এই দলটোৱে কুপৱাৰা, ৰাজৌৰী, বন্দীপোৰা আৰু বাৰামুলাত প্ৰথমে প্ৰৱেশ কৰিব৷ গতিকে খবৰ পোৱাৰ পিছতে বৃদ্ধি কৰা হৈছে সেনা সঞ্চালন৷ মণিপুৰৰ নৈৰাজ্যৰ সুযোগ লৈ পাকিস্তানে ভাৰত আক্ৰমণৰ চেষ্টা চলোৱা বুলিয়েই প্ৰতিবেদনত তথ্য সন্নিৱিষ্ট কৰিছে গুপ্তচৰে৷