কি খাইছে এইবোৰ

ৰাসস্থলীত অজস্ৰ মানুহৰ খোজে উৰুৱাইছে ধূলি৷ তাৰ মাজতে মুকলিকৈ বিক্ৰেতাই বিক্ৰী কৰিছে চিকেন ছপ, বিৰিয়ানি, তণ্ডুৰী আদি লোভনীয় খাদ্য৷ ধূলি পৰি থকা খাদ্যবোৰেই খাইছে ৰাসৰ দৰ্শকে৷ নলবাৰীৰ ৰাসতে চিকেন পোলাওৰ সৈতে গ্ৰাহকে খাইছে ধূলি৷ ইমানবোৰ মানুহৰ সমাগমৰ মাজত বিক্ৰী হৈছে লেতেৰা খাদ্য৷
প্ৰশ্ন হয়, চৰকাৰী বিভাগে বৰ্তমান কি কৰি আছে?
কাৰণ ৰাসৰ বতৰত বহিছে হাজাৰ-বিজাৰ ষ্টল৷ ৰাসোৎসৱত মানুহৰে সমাগম হৈছে৷ কেৱল নলবাৰীতে দিনে গোট খাইছে ৪ লাখপৰ্যন্ত মানুহ৷
পিছে বিক্ৰী হোৱা খাদ্যৰ গুণাগুণ পৰীক্ষা কৰিবলৈ তাত কোনো চৰকাৰী বিষয়া নাই৷ গতিকে আনন্দৰ সময়ত ফাষ্টফুড বা আন খাদ্যৰ নামত ধূলি-বালিহে খাইছে গ্ৰাহকে৷
আন ঠাইৰ ৰাসোৎসৱতো খাদ্যৰ নামত বিক্ৰী হৈছে অখাদ্য৷ চৰকাৰী নিয়ন্ত্ৰণ মুঠেও নথকাৰ পৰিণতিত ধূলি মিহলি পোলাও খাবলগীয়া হৈছে জনতাই৷
লোভনীয়ভাৱে ওলমাই থোৱা তণ্ডুৰীত ধূলিৰ চামনি পৰিছে৷ সেইবোৰেই গ্ৰাহকক দোকানীয়ে খুৱাইছে৷ চাওতা-কওতা কোনো নথকাৰ বাবে সেইবোৰ খাই হাগনি হৈছে জনতাৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email