প্ৰতিবাদৰ ৰাজনীতি কৰিলেই হলৌ বান্দৰ নাবাচে

কেৱল SAVE গিৱন বুলি লিখিলে অথবা প্ৰতিবাদী চিত্ৰ আঁকিলেই গিবন অভয়াৰণ্য ৰক্ষা নপৰে৷
এয়াই আচল কথা৷ অসমৰ গৌৰৱ মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্য বেদান্তই খান্দিবলৈ ওলাইছে৷ সেয়ে গিবন ধ্বংস হ’ব বুলি হৈছে প্ৰতিবাদ৷
কিন্তু আচলতে এতিয়া গিবনৰ হলৌ বান্দৰ সুৰক্ষিত হৈ আছেনে?
নাই
বেদান্তই খন্দাৰ পূৰ্বেও অস্তিত্বৰ সংকট সৃষ্টি হৈছে হলৌ বান্দৰৰ৷ আচলতে গিবনৰ মাজেৰে পাৰ হৈ গৈছে দীৰ্ঘ ৰে’লপথ৷ যাৰ বাবে অভয়াৰণ্যখনৰ মাজত স্থাপন কৰা হৈছে ২৫ হাজাৰ ভ’ল্টৰ বিদ্যুৎ পৰিবাহী তাৰ৷
এই তাৰডালত লাগি সদায়েই মৰিছে গিবনৰ হলৌ বান্দৰ৷ সদায় বিদ্যুৎস্পৃষ্ঠ হৈ হলৌ বান্দৰৰ তললৈ সৰি পৰিছে৷ বিদ্যুতৰ খুঁটাৰ পৰা মাটিত পৰি কেলঢোপ কেলঢোপকৈ জীয়াতু ভুগিছে প্ৰাণ হেৰুৱাইছে বান্দৰে৷
এই বিদ্যুৎ পৰিবাহী তাৰ গিবনৰ বাবে সংকটৰ কাৰণ হৈ পৰিছে৷ কিন্তু সেই সমস্যাৰ সমাধানৰ বাবে কোনেও চেষ্টা কৰা নাই৷
তাৰ পৰিৱৰ্তে প্ৰতিবাদৰ নামতো এচামে কৰিছে ৰাজনীতি৷ লতাই আৱৰি ধৰা খুঁটাত উঠি বিদ্যুতৰ তাৰত সদায় লাগি ধৰিছে অমাত জীৱ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email